গৌতম গম্ভীৰৰ ওপৰতে আস্থা বিচিচিআইৰ
এদিন পূর্বে গৌতম গম্ভীৰক ভাৰতীয় টেষ্ট দলৰ প্রশিক্ষক পদৰ পৰা অপসাৰণৰ গুণাগঁথা চলিছিল৷ ইয়াৰ মাজতে চর্চা হৈছিল প্রাক্তন ক্রিকেটাৰ ভিভিএছ লক্ষ্মণৰ নাম৷ কিন্তু শেহতীয়াভাৱে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বর্তমানৰ প্রশিক্ষক গৌতম গম্ভীৰৰ ওপৰতে আস্থা প্রকাশ কৰা পৰিলক্ষিত হৈছে৷
আইচিচি ট্রফী আৰু এছিয়া কাপ ট্রফী লাভৰ পিছতে টেষ্ট ক্রিকেটত প্রশিক্ষক হিচাপে সম্পূর্ণ ব্যর্থ হৈছিল গৌতম গম্ভীৰ৷ তেওঁৰ কার্যকালত এই পর্যন্ত ১৮খন টেষ্ট খেলিছে টীম ইণ্ডিয়াই৷ ইয়াৰে ৭খনত পৰাজয় হৈছে ভাৰতীয় দলৰ৷ আনকি ঘৰুৱা টেষ্ট মেচতো পাঁচখনত পৰাজিত হৈছে গৌতম গম্ভীৰৰ দল৷ তদুপৰি এখন মেচ ড্র হৈছে৷
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশত ব্যর্থ হোৱাৰ পিছতে প্রশিক্ষকক লৈ চিন্তিত ভাৰতীয় ক্রিকেট অনুৰাগী৷ ইয়াৰ ভিত্তিতে ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠানত গৌতম গম্ভীৰক টেষ্ট দলৰ মুখ্য প্রশিক্ষকৰ পদৰ পৰা অপসাৰণৰ চিন্তা–চর্চা কৰা বুলি বাতৰি প্রকাশ পায়৷
দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত গম্ভীৰৰ সলনি ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণক টেষ্ট প্রশিক্ষক হিচাপে দায়িত্ব দিয়াৰ কথা বিবেচনা কৰা হৈছে৷ আনকি এই সন্দর্ভত লক্ষ্মণৰ সৈতে কথা–বার্তাও চলিছিল৷ অৱশ্যে এই প্রস্তাৱত সন্মতি নজনালে প্রাক্তন ক্রিকেটাৰগৰাকী৷
এই মুহূর্তত ভাৰতীয় দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব ল’বলৈ অনিচ্ছুক বুলি উল্লেখ কৰে ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বী পদতে সন্তুষ্ট বুলি কয় লক্ষ্মণে৷ ইফালে, আন এক সংবাদ প্রতিষ্ঠানে এই খবৰ সঁচা নহয় বুলি উল্লেখ কৰিছে৷ ব’ডৰ এগৰাকী শীর্ষ বিষয়াই জনোৱা মতে ভিভিএছ লক্ষণৰ সৈতে বিচিচিআইৰ কোনো লোকে ব্যক্তিগত অথবা ৰাজহুৱাভাৱে কথা–বতৰা পতা নাই৷
গৌতম গম্ভীৰৰ ওপৰত বিচিচিআইৰ গভীৰ আস্থা আছে৷ তেওঁক বর্খাস্ত কৰাৰ কোনো আলোচনা হোৱা নাই৷ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক হিচাপে গৌতম গম্ভীৰে থাকিব বুলি বিষয় এগৰাকীয়ে সদৰী কৰে৷
ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ