জালুকবাৰী সমষ্টিৰ মেধাৱী শিক্ষার্থীক সম্বর্ধনা–বৃত্তি প্রদান মুখ্যমন্ত্ৰীৰ
ছাত্র–ছাত্রীসকলৰ মাজত জ্ঞান অন্বেষণৰ স্পৃহা বৃদ্ধি তথা প্রতিযোগিতামূলক মানসিকতাৰ বিকাশ আৰু উদ্গনি প্রদানৰ উদ্দেশ্যে ২০০২ চনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ হোৱা ৩৭নং জালুকবাৰী বিধানসভা সমষ্টিৰ মেধাৱী শিক্ষার্থীসকলক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱা হয়৷
কামৰূপ মহানগৰ জিলাৰ বৰিপাৰা তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত অনুষ্ঠিত এই সম্বর্ধনা আৰু বৃত্তি প্রদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রী ড০ শর্মাই কৃতী শিক্ষার্থীসকলক শুভেচ্ছা জনোৱাৰ লগতে বিগত ২২ বছৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জালুকবাৰী বিধানসভা সমষ্টিৰ শিক্ষার্থীসকলৰ ঊর্ধ্বমুখী ফলাফল নিঃসন্দেহে এক গৰিমাময় স্বীকৃতি বুলি উল্লেখ কৰে৷
নিজৰ বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰেডিঅ’ৰ জৰিয়তে আৰম্ভ কৰা এটা প্রজন্ম আজি স্মার্ট টিভি গৈ পালে৷ যুগৰ পৰিৱর্তনৰ লগে লগে আমাৰ হাতলৈ এতিয়া ম’বাইল আহিল৷ দীঘলকৈ চিঠি লিখাসকলে আজি কম্পিউটাৰ, লেপটপ, ম’বাইলত ফেচবুক, হোৱাটছএপ, ই–মেইল আদি কৰিব পৰা হ’ল৷ এতিয়া ডাক্তৰৰ পৰিৱর্তে হাস্পতালত ৰবটৰ জৰিয়তে ছার্জাৰী কৰিব পৰা ব্যৱস্থা হ’ল৷ আমি এখন জটিল পৃথিৱীৰ দিশে গতি কৰি আছোঁ৷ পৃথিৱীত নতুন নতুন আৱিষ্কাৰ হৈছে৷ আমি জ্ঞানৰ পৰিধি বহলাই আগুৱাই গৈ থাকিব লাগিব৷
অনুষ্ঠানত উত্তৰ গুৱাহাটী, পাণ্ডু, জালুকবাৰী, গুৱাহাটী বিশ্ববিদ্যালয় মণ্ডলৰ ছাত্র–ছাত্রীসকলক সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মা, শিক্ষাবিদ গৌৰাংগ শর্মা, কুন্তলমণি শর্মা বৰদলৈ, ৰণজিৎ ভট্টাচার্য, হেমন্ত চৌধুৰী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷
ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ