শনিবাৰে নিশা লখিমপুৰৰ বঙালমৰাৰ ৰমজান চাৰিআলিত সংঘটিত আৰক্ষীক দলবদ্ধ আক্রমণত জড়িত দহজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লখিমপুৰ সদৰ থানাত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই এই সন্দৰ্ভত সদৰী কৰি কয়- শনিবাৰে নিশা বাহাৰুল ওৰফে আম্বানী নামৰ এজন লোকক ধৰিবলৈ যোৱা আৰক্ষীৰ এটা দলৰ ওপৰত ৰমজান চাৰিআলিত ভয়ংকৰ আক্ৰমণ চলায় একাংশ লোকে। আৰক্ষী দলৰ ওপৰত জঁপিয়াই পৰিছিল শতাধিক লোক। আৰক্ষীক আক্রমণ কৰি মোকলাই নিয়ে আৰক্ষীয়ে আটক কৰা বাহাৰুল ওৰফে আম্বানী নামৰ লোকজনক।
আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা মতে, পেহেলগামৰ নৰসংহাৰৰ ঘটনাত বিতর্কিত মন্তব্য কৰিছিল বাহাৰুলে। এটা ফেক একাউন্ট খুলি বাহাৰুলে পেহেলগামৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। আৰক্ষীয়ে এই কথাৰ উমান পাই তেওঁক আটক কৰিবলৈ গৈছিল। ৰমজান চাৰিআলিত বাহাৰুলৰ উপস্থিতিৰ আগতীয়া উমান পাইছিল বঙালমৰা চকীৰ আৰক্ষীয়ে। সেই মতে আৰক্ষীয়ে বাহাৰুলক কৰায়ত্ত কৰাৰ পাং পাতি সাধাৰণ পোছাকত গৈ বাহাৰুলক আটক কৰে। কিন্তু একাংশ লোক জঁপিয়াই পৰে আৰক্ষীৰ ওপৰত। উন্মত্ত লোকৰ আক্ৰমণত আৰক্ষীৰ লগতে বাহনখনৰ চালকজনো আহত হয়। ক্ষতি কৰে আৰক্ষীয়ে নিয়া বাহনখনৰো। আৰক্ষীক আক্রমণ কৰি আটক কৰা বাহাৰুলক এৰুৱাই লৈ যায় উন্মত্ত লোকসকলে।
উক্ত ঘটনা সন্দৰ্ভত যোৱানিশা অঞ্চলটোত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, আৰক্ষীক আক্রমণ কৰা দহজনক নিশা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক হ’ল সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ আলাউদ্দিন, ইক্ৰামুল হুছেইন, গোহাঁই দলনিৰ ফাৰুক উদ্দিন আহমেদ, নুৰ হুছেইন, গুলজাৰ হুছেইন, ৰমজান তিনিআলিৰ নজৰুল হক, কাজিমুদ্দিন, নদিকাৰ আব্দুল হামিদ, ইছলামপুৰ বেচাপট্টিৰ বিল্লাল হুছেইন আৰু ২নং সোণাপুৰৰ আতাবুৰ ৰহমান। আৰক্ষীৰ দলক আক্ৰমণকাৰী এইসকল লোকক গ্ৰেপ্তাৰ কৰা হ’লেও আন ভালেকেইজন আক্ৰমণকাৰী পলাতক অৱস্থাত আছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই থকা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে এই কাণ্ডৰ মূল অভিযুক্ত বাহাৰুল ওৰফে আম্বানী বৰ্তমানেও পলাতক। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে পেহেলগামৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা বাহাৰুল নকল সোণৰ বেহাৰ সৈতেও জড়িত। বিগত সময়ত এনে কাৰণত তেওঁ কাৰাৰুদ্ধ হোৱা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়। ঘটনা সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে বিহপুৰীয়া থানাত ১৪৪/২৫ নম্বৰ আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১৯১(২) /১৯১(৩)/২৯৬/১০৯/১২১(২) /১১৫(২) /৩২৪(৪) (৫) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে।
বিশেষ বাৰ্তা, লখিমপুৰ, ২৯ ডিচেম্বৰ :