বজালী জিলাৰ ৰিহাবাৰীত কালদিয়া নৈৰ বাকৰিত এক মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজত কালি মিলিত হয় এজাক প্ৰাক্তন সতীৰ্থ ৷ উল্লেখ্য যে সুদীৰ্ঘ ৪০টা বছৰ পিছত একেখন মঞ্চত মিলিত হৈ সোণালী অতীতক সোঁৱৰণ কৰি আৱেগবিহ্বল হৈ পৰে প্ৰাক্তন সতীৰ্থসকল৷ গুৱাহাটীৰ গণেশগুৰিস্থিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮৪ বৰ্ষৰ সতীৰ্থসকলে বজালীৰ কালদিয়া বোৱঁতী জলসিঞ্চন আঁচনিৰ বাকৰিত বছৰটোৰ অন্তিমটো দেওবাৰে শীতৰ এক নৈসৰ্গিক পৰিৱেশত মিলিত হৈ গীত, মাত, কবিতাৰে উদযাপিত কৰে প্ৰতিটো মুহূৰ্ত।
উল্লেখ্য যে উক্ত বিদ্যালয়খনৰ পৰা ১৯৮৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এই সতীৰ্থসকলে অসম তথা দেশৰ বিভিন্ন ঠাইত কৰ্মসংস্থাপন লাভ কৰি জীৱন নিৰ্বাহ কৰি আছে৷ তেওঁলোকৰে অন্যতম সতীৰ্থ ধ্ৰুৱজ্যোতি বৰ্মন আৰু সৌৰভ ৰায় মেধিয়ে সম্পাদনা কৰি যুগুতাই উলিওৱা স্মৃতিগ্ৰন্থ “স্মৃতিৰ পাপৰি” উন্মোচন কৰে অসম সৌৰভ বঁটাপ্ৰাপক বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে৷ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি ৰয়ে কয় যে এনেকুৱা প্ৰাক্তন সতীৰ্থ সন্মিলন সকলোৰে বাবে প্ৰয়োজন৷ এনেকুৱা অনুষ্ঠানে বিগত দিনৰ বহুতো অভিজ্ঞতা সোঁৱৰণ কৰি কৰ্মব্যস্ত জীৱনটো জীপাল কৰাব পাৰে৷
অনুষ্ঠানটোত প্ৰাক্তন সতীৰ্থ বিশ্বজিৎ শৰ্মাই আঁত ধৰি কয় যে এয়া তেওঁলোকৰ বাবে এক মধুৰ সময়৷ কৰ্মব্যস্ত প্ৰাত্যহিক জীৱনৰ মাজত অতীতৰ বহুতো তিতা-মিঠা স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে অনাগত সময়ৰ বাবে তেওঁলোকক এই সতীৰ্থ মিলনে উদ্যমী কৰি তোলা বুলি মন্তব্য কৰে৷ অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা তথা কাৰ্যবাহী অভিযন্তা বিশ্বজিত শৰ্মাই আদৰণি জনোৱা সতীৰ্থ সমাৰোহত প্ৰাক্তন সতীৰ্থ ক্ৰমে বিশ্বজিত, অমৰ, দীপ্তি, কৰবী, অঞ্জলি, সবিতা, উৎপল, অমৰ, লিজা, চন্দনা, মিতালী, মঞ্জুলা, সুমিতা, নুৰ, ৰফিক, নাৱাজ, সঞ্জীৱ সমন্বিতে প্ৰাক্তন সতীৰ্থসকলে উপস্থিত থাকি বহুতো স্মৃতি তথা অভিজ্ঞতা বৰ্ণনা কৰি এনেধৰণৰ সমাৰোহে বন্ধুত্বৰ এনাজৰীডাল অধিক কটকটীয়া কৰে বুলি মন্তব্য কৰি আনন্দ প্ৰকাশ কৰে৷ বিশিষ্ট ব্যক্তি পুলু কুমাৰ শৰ্মা সমন্বিতে কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত অভ্যাগতসকলক গায়ন-বায়নেৰে আদৰি অনা হয়৷
নিয়মীয়া বাৰ্তা, পাঠশালা, ২৯ ডিচেম্বৰ :