নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীত দুই শতাধিক সংখ্যালঘুৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান 

২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ৷ ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আহিছে যোগদান কাৰ্যসূচী ৷ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘৰুৱাবাহাত ভাৰতীয় জনতা পাৰ্টীৰ এক যোগদান সভাত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাত এৰি পদুম ফুলত যোগদান কৰে৷

৫৮নং মুগদি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘৰুৱাবাহা গাঁৱত ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চা নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় যোগদান সভা৷ জ্যেষ্ঠ অধিবক্তা চব্দেৰ আলীৰ নেতৃত্বত চৰাঞ্চলৰ দুই শতাধিক সংখ্যালঘু লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷

নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীয়ে যোগদান সভাত উপস্থিত থাকি কংগ্ৰেছী নেতা-কৰ্মীসকলক দলীয় গলবস্ত্ৰ আৰু টুপী পিন্ধাই দললৈ আদৰণি জনায়৷ যোগদান সভাৰ পিছতেই সোণাবৰ আলীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত চৰাঞ্চলৰ ৭০% লোকে ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰিব বুলি দাবী কৰে৷

বৰক্ষেত্ৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক দিগন্ত বৰ্মনে চৰাঞ্চলৰ সংখ্যালঘু লোকৰ ভোটেৰে বিধায়ক হিচাপে নিৰ্বাচিত হয় যদিও বিগত পাঁচটা বছৰত চৰাঞ্চলত এটাও উন্নয়নমূলক কাম নকৰিলে৷ যাৰ বাবে বিধায়কজনৰ প্ৰতি কংগ্ৰেছকৰ্মীসকলৰ মোহভংগ হৈছে আৰু আগন্তক নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ সংকল্প গ্ৰহণ কৰিছে৷

সংখ্যালঘু নেতা সোণাবৰ আলীয়ে কংগ্ৰেছৰ নলবাৰী জিলা সভাপতি ৰাতুল পাটোৱাৰীক সমালোচনা কৰি কয় যে সংখ্যালঘু লোকৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ধাউতি মেলাত ৰাতুল পাটোৱাৰীয়ে হীনমন্যতাত ভুগিছে আৰু আবুল তাবোল বকি আহিছে৷ কিছুদিন পূৰ্বেই কংগ্ৰেছৰ জিলা সভাপতি ৰাতুল পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ জড়িয়তেই সোণাবৰ আলীক সমালোচনা কৰি অচিনাকী মানুহৰ লগত তুলনা কৰিছিল ৷

সোণাবৰ আলীয়ে ৰাতুল পাটোৱাৰীক সমালোচনা কৰি ৰাতুল পাটোৱাৰীৰ মগজুৰ বিকৃতি ঘটিছে বুলি কয় আৰু সোণাবৰ আলী নিজকে ভাৰতীয় নাগৰিক আৰু অসমীয়া বুলি দাবী কৰে৷ ৰাতুল পাটোৱাৰীক বিজেপিৰ এজেন্ট আখ্যা দি ৰাতুল পাটোৱাৰীয়ে বিজেপিৰ হকে কাম কৰি থকা বুলিও কয় ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীয়ে৷ ২০২৬ৰ নিৰ্বাচনত অসমত তৃতীয়বাৰৰ বাবে বিজেপি মিত্ৰদলৰ চৰকাৰ গঠন হ’ব আৰু বৰক্ষেত্ৰীতো নাৰায়ণ ডেকা বিধায়ক হিচাপে নিৰ্বাচিত হ’ব বুলি দাবী কৰে ৷

নিয়মীয়া বাৰ্তা, দৌলাশাল, ২৯ ডিচেম্বৰ

You might also like