নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰ বিপক্ষে আগন্তুক এদিনীয়া মেচৰ শৃংখলাত নেখেলে বুমৰাহ-পাণ্ডিয়াই !

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : আগন্তুক টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি আলহী দল নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ আৰু তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক বিশ্রাম দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ ভ্রমণকাৰী দল নিউজিলেণ্ডৰ বিপক্ষে অহা ১১ জানুৱাৰীৰ পৰা ৩খন এদিনীয়া মেচৰ শৃংখলাত ভাগ ল’ব টীম ইণ্ডিয়াই৷ এই তিনিখন মেচত ভাৰতীয় দলটোৰ দুই তাৰকা খেলুৱৈ বুমৰাহ আৰু হার্দিকক বিশ্রাম দিয়াৰ চিন্তাচর্চা কৰিছে বিচিচিআয়ে৷

আগন্তুক টি–২০ বিশ্বকাপলৈ সুস্থ হৈ থকাৰ বাবেই বুমৰাহ আৰু হার্দিকক এদিনীয়া শৃংখলাটোত বিশ্রাম দিব৷ অৱশ্যে এদিনীয়া শৃংখলাটোৰ সমাপ্তিৰ পিছত আলহী দলটোৰে খেলিবলগীয়া ৫ খনীয়া টি–২০ মেচৰ শৃংখলাটোত দুয়োগৰাকী তাৰকা খেলুৱৈক দেখা পোৱা যাব৷ কামৰ বোজা হ্রাস কৰাৰ স্বার্থত বুমৰাহ আৰু হার্দিকক এদিনীয়া শৃংখলাটোত বিশ্রাম দিয়া সন্দর্ভত ব’ৰ্ডৰ এগৰাকী বিষয়াই কয় যে যিহেতু সন্মুখত টি–২০ বিশ্বকাপ আছে সেয়ে বুমৰাহ আৰু হার্দিকক সুস্থ কৰি ৰখাৰ বাবে নিউজিলেণ্ডৰে খেলিবলগীয়া এদিনীয়া শৃংখলাটোত বিশ্রাম দিয়াৰ চিন্তা–চর্চা কৰা হৈছে৷ এদিনীয়া শৃংখলাটোত দুয়োগৰাকী খেলুৱৈক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰি বিপদ চপাব বিচৰা নাই ব’র্ডে৷

ইফালে, এদিনীয়া শৃংখলাটোত ভাৰতীয় দললৈ প্রত্যাৱর্তন কৰিব অধিনায়ক শুভমন গিলৰ লগতে তাৰকা বেটাৰ শ্রেয়াস আয়াৰে৷ সম্প্রতি আঘাতৰ বাবে দুয়োগৰাকী তাৰকা খেলুৱৈ ভাৰতীয় দলটোৰ বাহিৰত আছে৷ তদুপৰি এদিনীয়া শৃংখলাটোলৈ ঘূৰি আহিব দুই জ্যেষ্ঠ তাৰকা খেলুৱৈ বিৰাট কোহলি আৰু ৰোহিত শর্মা৷ অহা ৪ অথবা ৫ জানুৱাৰীত নিউজিলেণ্ডৰ বিপক্ষে খেলিবলগীয়া এদিনীয়া মেচৰ শৃংখলাটোলৈ ভাৰতীয় দলটো ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

You might also like