ব’হাগ বিহুৰ উপহাৰ : ২০ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীলৈ ৮,০০০ টকা
অসম চৰকাৰে বিহুৰ আগতীয়া উপহাৰ হিচাপে অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ অহা ২০ ফেব্ৰুৱাৰীত ৮ হাজাৰ টকা প্ৰদান কৰাৰ ঘোষণা কৰিছে।
সূত্ৰ অনুসৰি, এই বিশেষ বিহু উপহাৰৰ ধন প্ৰদানৰ পাছত অহা মে’ মাহৰ পৰা নিয়মীয়াভাৱে প্ৰতিমাহে ১,২৫০ টকাকৈ অৰুণোদয় আঁচনিৰ সহায় ধন আগবঢ়োৱা হ’ব।
এই সিদ্ধান্তই ৰাজ্যৰ দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক বিহুৰ সময়ত আৰ্থিক স্বস্তি দিব বুলি আশা কৰা হৈছে। অৰুণোদয় আঁচনিৰ জৰিয়তে ইতিমধ্যে লক্ষাধিক পৰিয়ালে উপকৃত হৈ আহিছে আৰু এই আগতীয়া বিহু উপহাৰে তেওঁলোকৰ মাজত আনন্দৰ পৰিবেশ সৃষ্টি কৰিছে।
উল্লেখ্য যে মাৰ্চ আৰু এপ্ৰিল মাহত নাপাব অৰুণোদয়ৰ ধন। বিপৰীতে মে’ মাহৰ পৰা নিয়মীয়াভাৱে প্ৰতিমাহে ১,২৫০ টকাকৈ অৰুণোদয় আঁচনিৰ সহায় ধন আগবঢ়োৱা হ’ব।
ডিজিটেল ডেস্ক, ১ জানুৱাৰী