নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকাৱহ… গোৱালপাৰাৰ শিমলীতোলাত দুবছৰীয়া শিশুৰ প্ৰাণহানি

পিতৃয়ে নতুনকৈ কিনা বাহনখনেই কাল হ’ল এটি দুবছৰীয়া শিশুৰ | পিতৃয়ে বাহনৰ চাবি লগাই ঘৰত সোমাওঁতেই এক্সেলেটৰ পকাই দিয়াত ই-ৰিক্সাৰ চকাৰ তলত পৰে এটি শিশু কন্যা সন্তান। ফলত থিতাতে নিহত হয় নাজমিনা বেগম নামৰ দুবছৰীয়া শিশুটি |

শনিবাৰৰ দুপৰীয়া গোৱালপাৰাৰ শিমলীতোলা কানকটা ১ম খণ্ডৰ নাজিৰ আলী নামৰ এজনৰ ঘৰত সংঘটিত হয় এই শোকাৱহ ঘটনা | পিতৃ নাজিৰ আলীয়ে ভাৰা মাৰি ঘৰলৈ গৈ বাহনৰ চাবি লগাই ঘৰত সোমাইছিলহে মাত্ৰ | নিজৰে দুই কণমানিয়ে বাহনখনত উঠি এক্সেলেটৰ পকাই দিয়া মাত্ৰেই বাহনখনে দৌৰ মাৰে আৰু চকাৰ তলত পৰি থিতাতে নিহত হয় নাজমিনা বেগম নামৰ দুবছৰীয়া শিশুটি |

ততাতৈয়াকৈ শিমলীতোলা চিকিৎসালয়লৈ নিয়া হয় যদিও শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে। পাছলৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ দিহা কৰে | শিশুৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পে অঞ্চলজুৰি।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩ জানুৱাৰী :

You might also like