নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানডুবিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস

অসমৰ অন্যতম ঐতিহাসিক ক্ষেত্ৰ চানডুবি বিলৰ চিৰসেউজীয়া বুকুত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ প্ৰয়াস ইংৰাজী নতুন বৰ্ষৰ বাবে নিশ্চিতভাৱে ভাল খবৰ ৷ এই অনন্য ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে চানডুবি টুৰিজিম ডেভেলপমেণ্ট ছ’চাইটীয়ে ৷

প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰিয় অনুৰাগী এই সংস্থাটোৱে একক প্ৰচেষ্টাৰে ইতিমধ্যে শিল্পীগৰাকীৰ অতিকৈ প্ৰিয় বিলখনৰ পাৰৰ সেউজীয়া উপত্যকাত অনুৰাগীসকলৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা বুলি সদৰী কৰে সংস্থাটোৰ বিষয়ববীয়া প্ৰাঞ্জল ৰাভাই ৷

অনুৰাগী প্ৰাঞ্জল ৰাভাই উল্লেখ কৰা অনুসৰি, মিছন চাইনাৰ দৃশ্যগ্ৰহণৰ লগতে যিকোনো সময়তে শিল্পীগৰাকীয়ে প্ৰাকৃতিক ক্ষেত্ৰখনলৈ আহিলে ল’জ অথবা কোনো আৰামদায়ক বিছনাৰ পৰিৱৰ্তে বিলখনৰ পাৰত সজোৱা টঙিঘৰটোতহে নৈশ যাপন কৰিছিল ৷ তেনেক্ষেত্ৰত উক্ত টঙিঘৰটো পুনৰ নিৰ্মাণৰ লগতে সংৰক্ষণৰ দিহা কৰা বুলি জানিবলৈ দিয়ে ৰাভাই ৷

নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ৩ জানুৱাৰী :

You might also like