নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ জানুৱাৰীৰ পৰা চলিব হাইড্র’জেন ৰে’ল, সেউজ পৰিবহণৰ ক্ষেত্রত ভাৰতৰ বৈপ্লৱিক উত্থান

নিউজ ডেস্ক, ৪ জানুৱাৰী : চলিত বর্ষৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ’ব হাইড্র’জেন ৰে’ল সেৱা৷ সেউজ পৰিবহণৰ ক্ষেত্রত প্রযুক্তিগত দিশত বৈপ্লৱিক উত্থানেৰে ভাৰতে ৰে’ল সেৱাত আন এক ইতিহাস ৰচাৰ পথত অগ্রসৰ হৈছে৷

আগন্তুক ২৬ জানুৱাৰীত জিন্দ ষ্টেচনৰ পৰা ছোনেপটলৈ পৰীক্ষামূলকভাৱে ভাৰতৰ প্রথম হাইড্র’জেনচালিত ৰে’ল সেৱা আৰম্ভ হ’ব৷ ৯০ কিলোমিটাৰ দৈর্ঘ্যৰ এই পৰীক্ষামূলক ৰে’লৰ কনফিগাৰেচনত দুখন ড্রাইভাৰ পাৱাৰ কাৰ (ডিপিচি) আৰু ৮টা যাত্রীবাহী দবা থাকিব৷ ভাৰতীয় ৰে’লৱে, আৰডিএছঅ’ৰ লগতে স্পেইনৰ সহযোগী কোম্পানী গ্রীন এইচে এই পৰীক্ষামূলক ৰে’ল সেৱা সন্দর্ভত চৰকাৰক যুটীয়া প্রতিবেদন দাখিল কৰিব৷

ঘণ্টাত সর্বোচ্চ ১৫০ কিলোমিটাৰ বেগত চলিবলগীয়া এই ৰে’লখনৰ বাবে নতুন বিদ্যুৎ ৰাসায়নিক প্রযুক্তিৰ দ্বাৰা ৯ লিটাৰ পানীত ইন্ধনৰ বাবে ৯০০ গ্রাম হাইড্র’জেন উৎপাদনৰ ব্যৱস্থা থাকিব৷ যাৰ জৰিয়তে ৰে’লখনক এক কিলোমিটাৰ চলাৰ শক্তি প্রদান কৰিব৷ ৰে’লখনৰ হাইড্র’জেন ক্ষমতা ৩০০ কিলোগ্রাম আৰু অক্সিজেনৰ ক্ষমতা ৭৬৮০ কিলোগ্রাম৷ উল্লেখ্য যে জিন্দত দেশৰ সর্ববৃহৎ হাইড্র’জেন উৎপাদন প্রকল্প আছে, য’ত ১.৫ মেগাৱাট শক্তি উৎপাদন হয়৷

You might also like