কাইলৈৰ পৰা ছয়দিনীয়াকৈ অনুষ্ঠিত হ’ব ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলা। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰিৱৰ্তে এইবেলি নৱনিৰ্মিত দিবা-নৈশ বাছ আস্থানলৈ এই গ্ৰন্থমেলা স্থানান্তৰিত কৰা হৈছে।
১০ জানুৱাৰীলৈ চলিবলগীয়া এইবাৰৰ ঢকুৱাখনা গ্ৰন্থমেলাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও আগশাৰীৰ পুথি প্রকাশক আৰু বিক্রেতা প্রতিষ্ঠানে ভাগ ল’ব বুলি গ্ৰন্থমেলাৰ সভাপতি ড° গিৰীণ গগৈয়ে জানিবলৈ দিছে।
গ্ৰন্থমেলাৰ প্ৰতিটো দিনতে ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা, চিত্ৰ প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান, লেখক-সাহিত্যিক আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিৰ উপস্থিতিত আলোচনা চক্ৰ আৰু মুখামুখি অনুষ্ঠান অনুষ্ঠিত হ’ব।
কাইলৈ দুপৰীয়া ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰিব ঢকুৱাখনা সমজিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথে। বিয়লি ২ বজাত সাধু কোৱা প্ৰতিযোগিতা উদ্বোধন কৰিব লেখিকা নিবেদিতা লাগাচুৱে। বিয়লি ৪.৩০ বজাৰ অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ প্ৰতিটো কাৰ্যসূচীত ঢকুৱাখনাবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৪ জানুৱাৰী :