আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্রাইকৰ পিছত ভেনিজুৱেলাত তীব্র আতংকত প্রবাসী ভাৰতীয়
নিউজ ডেস্ক, ৫ জানুৱাৰী : আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্রাইকত ভেনিজুৱেলাৰ গুৰুত্বপূর্ণ আন্তঃগাঁথনিৰ সমান্তৰালভাৱে বিদ্যুৎ গ্রিডৰ ব্যাপক ক্ষতিসাধন হৈছে৷ পৰিণতিত আজিও ৰাজধানী কাৰাকাছকে ধৰি বিভিন্ন প্রান্ত ডুব গৈ আছে অন্ধকাৰত৷ বিকল যোগাযোগ ব্যৱস্থাও৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, আক্রমণৰ পাছতে ৰাজধানী কাৰাকাছৰ সকলো ছুপাৰ মার্কেট বন্ধ হৈ পৰে৷ সৰু সৰু স্থানীয় দুই–এখন দোকান খোলা আছে৷ এতিয়া তাতেই খাদ্য বিচাৰি জনতাৰ দীঘলীয়া শাৰী৷ যিবোৰ স্থানত বিদ্যুৎ সংযোগ সুচল হৈ আছে তাতো মানুহৰ অভাৱনীয় ভিৰ৷ ইয়াৰ মূলতে ম’বাইল ফোন চার্জ কৰা৷ আনকি ৰাজহুৱা স্থানৰ বৈদ্যুতিক খুঁটাৰ সংযোগ লৈও বহুতে ম’বাইল ফোন চার্জ কৰিছে৷ ইয়াৰ বাবে একোজন লোকৰ বাবে প্রয়োজন হৈছে ৬–৭ ঘণ্টা৷ অন্যান্য লোকৰ সৈতে দেশখনত বসবাস কৰা ভাৰতীয় নাগৰিকসকলেও সম্প্রতি তীব্র আতংকৰ মাজত দিন কটাবলগীয়া হৈছে৷
বাতৰি অনুসৰি, স্থানীয় প্রশাসন অথবা চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ যোগাযোগ কৰা হোৱা নাই৷ ক্ষয়–ক্ষতিৰ পৰিমাণ কিমান বা বিদ্যুৎ সেৱা কেতিয়া স্বাভাৱিক হ’ব, সেই বিষয়ে জনাটো সম্ভৱ হোৱা নাই জনসাধাৰণৰ পক্ষে৷ কেৱল স্থানীয় আৰক্ষীয়ে সকলোকে নিজ নিজ ঘৰতে থকাৰ নির্দেশ দিছে৷ ইতিমধ্যে ভাৰতীয় দূতাৱাসে ভেনিজুৱেলাত বসবাস কৰা ভাৰতীয়সকলৰ বাবে প্রস্তুত কৰিছে এটা হোৱাটছএপ গ্রুপ৷ সম্প্রতি ইয়াৰ মাধ্যমেৰেই সকলো নির্দেশ জনাই থকা হৈছে৷