নিশা শোৱাপাটীৰ পৰাই উঠাই আনিছিল ভেনিজুৱেলাৰ ৰাষ্ট্রপতিক
নিউজ ডেস্ক, ৫ জানুৱাৰী : ভেনিজুৱেলাত মার্কিন ডেল্টা বাহিনী–নাইট ষ্ট’কার্ছ হেলিকপ্টাৰ ইউনিটে চলোৱা ৰুদ্ধশ্বাস অভিযানৰ বর্ণনা দিলে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ফ্ল’ৰিডাৰ মাৰ–আ–লাগত সংবাদ মেল পাতি ৰাষ্ট্রপতি ট্রাম্পে সদৰী কৰা অনুসৰি দক্ষিণ আমেৰিকাৰ ৰাষ্ট্রখনৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক পত্নীসহ বন্দী কৰিবলৈ ৰাজধানী কাৰাকাছৰ বিদ্যুৎ সংযোগ সম্পূর্ণৰূপে ব্যাহত কৰি দিয়া হৈছিল৷ অন্ধকাৰে ছানি ধৰিছিল সমগ্র ৰাজধানী মহানগৰখন৷
ৰাষ্ট্রপতি ট্রাম্পে কয় যে আমেৰিকাই যি সফলতা অর্জন কৰিলে, বিশ্বৰ কোনো দেশে সেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ মাত্র কিছু সময়ৰ ভিতৰতে ভেনিজুৱেলাৰ সমস্ত সামৰিক ক্ষমতা শক্তিহীন হৈ পৰিছিল৷ কাৰণ আমাৰ সেনা আৰু আইনী সংস্থাসমূহে ৰাতিৰ অন্ধকাৰত ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক পত্নীসহ সফলভাৱে বন্দী কৰিবলৈ সক্ষম হয়৷ এই অভিযান আছিল অত্যন্ত ভয়ংকৰ৷
ৰাষ্ট্রপতি ট্রাম্পে সদৰী কৰা অনুসৰি দুয়োকে অতি সুৰক্ষিত দুর্গৰ শোৱাপাটীৰ পৰা বন্দী কৰা হয়৷ তেওঁ ইয়াৰ বর্ণনা দাঙি ধৰি কয় যে চাৰি দিন ধৰি অভিযানটোৰ বাবে সঠিক সময়ৰ অপেক্ষাত আমি আছিলোঁ৷ এই অভিযানত মার্কিন সেনাৰ কোনো বিষয়া–জোৱান নিহত হোৱা নাই৷ একাংশই আহত হ’লেও তেওঁলোক সফলভাৱে উভতি আহে৷ বর্তমান আটায়ে সুস্থ৷
ৰাষ্ট্রপতি ট্রাম্পে দাবী কৰা মতে, ভেনিজুৱেলাত এতিয়া কি হ’ব সেয়া নির্ধাৰণ কৰিব আমেৰিকাই৷ উল্লেখ্য যে পৰহি পুৱতিনিশা এয়াৰ ষ্ট্রাইক চলাই ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক পত্নীসহ বন্দী কৰে মার্কিন বাহিনীয়ে৷ তাৰ পাছতে দুয়োকে হেলিকপ্টাৰযোগে নিউয়র্কৰ ষ্টুৱার্ড এয়াৰ নেচনেল গার্ড বেছলৈ অনা হয়৷ এইবাৰ তেওঁলোকক লৈ যোৱা হয় মেনহাটনস্থিত আমেৰিকাৰ মাদক নিয়ন্ত্রক সংস্থাৰ সদৰ কার্যালয়লৈ৷ তাৰ পৰা ভেনিজুৱেলাৰ বন্দী ৰাষ্ট্রপতিজনক মার্কিন সেনাই নিয়ে নিউয়র্ক ব্রুকলিনৰ মেট্র’পলিটান ডিটেনচন চেণ্টাৰলৈ৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোৰ বিচাৰ চলিব মেনহাটনৰ ফেডাৰেল আদালতত৷ তেওঁৰ বিৰুদ্ধে মাদকদ্রব্য সৰবৰাহ, সন্ত্রাস, দুর্নীতি, অবৈধ চৰকাৰ পৰিচালনাকে ধৰি বিভিন্ন অভিযোগ আৰোপ কৰিছে মার্কিন প্রশাসনে৷ ইফালে, হোৱাইট হাউছৰ তৰফৰ পৰা বন্দী অৱস্থাত নিকোলাছ মাদুৰোৰ এক ভিডিঅ’ ফুটেজ প্রকাশ কৰিছে৷ য’ত বন্দী ভেনিজুৱেলাৰ ৰাষ্ট্রপতিজনে স্পষ্টকৈ ৫টা শব্দ উচ্চাৰণ কৰা শুনা গৈছে৷ সেয়া হ’ল– গুড নাইট৷ হেপী নিউ ইয়েৰ৷
ইফালে, ভেনিজুৱেলাত চলা মার্কিন এয়াৰ ষ্ট্রাইকত ৰাজধানী কাৰাকাছৰ লগতে দেশখনৰ বিভিন্ন প্রান্তৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হোৱাৰ বাতৰি প্রকাশ পাইছে৷ এই আক্রমণত বর্তমানলৈ ৪০জন লোক নিহত হোৱা বুলি সংবাদ প্রতিষ্ঠানৰ সূত্রত প্রকাশ৷
মন কৰিবলগীয়া যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভেনিজুৱেলাৰ পাছত এইবাৰ কঠোৰ সকীয়নি দিছে মেক্সিকো–কলম্বিয়া আৰু কিউবাক৷ মাদকদ্রব্য সৰবৰাহ আৰু অনুপ্রৱেশকাৰীৰ বিষয়ত আমেৰিকাই কোনো আপোচ নকৰে বুলি উল্লেখ কৰি এই তিনিখন দেশক উদ্দেশ্যি তেওঁ কয় যে ভেনিজুৱেলাৰ দৰে অৱস্থা হ’ব৷ মাদক সন্ত্রাস ৰুধিবলৈ যদি মেক্সিকো–কলম্বিয়া–কিউবাত আমেৰিকাই ভৰি থ’বলৈ হয়, তেন্তে সেয়া কৰিবলৈ প্রস্তুত৷