নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ ক্রিকেট দল

নিউজ ডেস্ক, ৫ জানুৱাৰী : বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডার্ছৰ পৰা বাদ দিয়াক কেন্দ্র কৰি তুমুল বিতর্কৰ সূত্রপাত হৈছে৷ বাংলাদেশ ক্রিকেট ব’র্ডে দেশখনৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ নির্দেশনা মানি লৈ আগন্তুক টি–২০ বিশ্বকাপৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া মেচসমূহত ভাগ নোলোৱাৰো সিদ্ধান্ত লৈছে৷

কালি বিয়লি ১৭জন ব’ৰ্ড ডাইৰেক্টৰৰ সৈতে বিচিবিৰ বৈঠকত এই সিদ্ধান্ত লৈ আইচিচিলৈ সূচী সলনি কৰাৰ বাবে পত্র প্রেৰণ কৰিছে৷ বিচিচিআইৰ নির্দেশত মুস্তাফিজুৰক আইপিএলৰ পৰা বাদ দিয়া হৈছে বুলি উল্লেখ কৰি ইয়াৰ প্রতিবাদস্বৰূপে বিচিবিয়ে পৰৱর্তী বিশ্বকাপৰ খেলসমূহত ভাৰতত নেখেলাৰ কথা সদৰী কৰিছে৷

ইফালে, আইচিচিৰ অধ্যক্ষ জয় শ্বাহে এই সন্দর্ভত ভাৰততে খেল অনুষ্ঠিত কৰিব বুলি স্পষ্ট কৰিছে৷ কিয়নো বিশ্বকাপৰ সূচী ইতিমধ্যে নির্ধাৰিত হৈছে৷ তদুপৰি এটা দলৰ বাবে সমগ্র সূচী সলনি কৰাটো অসম্ভৱ৷ ভাৰতত খেলিবলৈ নাহিলে জৰিমনাৰহে সন্মুখীন হ’ব পাৰে বিচিবি৷

You might also like