আমেৰিকাৰ পথত ‘শান্তিৰ দূত’ অলকা, ১৯ বৌদ্ধভিক্ষুৰ সর্বক্ষণৰ সংগী এটা কুকুৰ
নিউজ ডেস্ক, ৫ জানুৱাৰী : টেক্সাছৰ পৰা ৱাশ্বিংটনৰ ফালে খোজকাঢ়ি আগবাঢ়িছে অলকা৷ অক্টোবৰৰ ২৬ তাৰিখৰ পৰা এই যাত্রা আৰম্ভ৷ আমেৰিকাৰ ৰাজপথত কৌতূহলী লোকৰ দৃষ্টি কাঢ়িছে অলকাই৷ বহুজনে আগুৱাই গৈ ছবিও তুলিছে৷ সামাজিক মাধ্যমত বিয়পি পৰিছে ভিডিঅ’৷ কলকাতাৰ অনেক মানুহে লক্ষ্য কৰিছে অলকাক৷ কলকাতা বা ৰাজ্যখনৰ গাঁৱে–চহৰে এনেকুৱা অলেখ কুকুৰ বাটে–পথে ঘূৰি ফুৰা দেখা যায়৷
অনুসন্ধান কৰি জানিব পৰা গ’ল যে এই কুকুৰটোক ভাৰতৰ পৰাই আমেৰিকালৈ নিয়া হৈছে৷ পিছত জানিব পৰা গ’ল- কুকুৰটোৰ জন্ম কলকাতাৰ পথত৷ জীৱনৰ প্রথম অংশ পাৰ হৈছে কলকাতাতে৷ পিছত ১৯জন বৌদ্ধ ভিক্ষুৰ সৈতে অলকা আমেৰিকা পায়গৈ৷ যি সময়ত সমগ্র বিশ্বতে অশান্তিৰ বাতাৱৰণ চলি আছে, সেই সময়তে বৌদ্ধ ভিক্ষুৰ সৈতে শান্তি যাত্রা কৰিছে অলকাই৷ এই ১৯জন ভিক্ষুৱে শান্তিৰ পদযাত্রা আৰম্ভ কৰিছে৷
২৩০০ মাইল তেওঁলোকে পদযাত্রা কৰিব৷ টেক্সাছৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ ১০খন প্রদেশ ঘূৰি অহা ১০ ফেব্রুৱাৰীত ৱাশ্বিংটন ডিচিত উপস্থিত হোৱাৰ কথা তেওঁলোক৷ তেওঁলোকৰে এই দীঘলীয়া পদযাত্রাৰ সংগী হৈছে অলকা নামৰ এই কুকুৰটো৷ তেওঁলোকৰ খোজত খোজ মিলাই আগবাঢ়িছে অলকা৷ ভাৰতত ইঠাই–সিঠাই ঘূৰি ফুৰোঁতে বৌদ্ধ ভিক্ষুসকলে কলকাতাৰ পথত এই কুকুৰটোক লগ পোৱাৰ পিছৰে পৰা সি সংগী হৈ পৰে তেওঁলোকৰ৷