নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ অপৰাধৰ মেৰুদণ্ড ভাঙিবলৈ গঠন চাইবাৰ কমাণ্ডো

নিউজ ডেস্ক, ৫ জানুৱাৰী : চাইবাৰ অপৰাধৰ মেৰুদণ্ড ভাঙি দিবলৈ এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ উত্তৰ প্রদেশ আৰক্ষীয়ে গঠন কৰিছে এক বিশেষ ‘চাইবাৰ কমাণ্ডো’ বাহিনী৷ এছ পি জি আৰু এন এছ জি কমাণ্ডোসকলৰ অধীনত এই বাহিনীক কঠোৰ প্রশিক্ষণ দিয়া হৈছে৷ বর্তমানে ১৫জন দক্ষ আৰক্ষী কর্মীক লৈ এই বাহিনীৰ প্রথমটো গোট গঠন কৰা হৈছে৷

মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নির্দেশত এই বাহিনীটোক অত্যাধুনিক প্রযুক্তিৰে সজ্জিত কৰা হৈছে৷ আইআইটি কানপুৰ, মাদ্রাজ, ৰায়পুৰ আৰু গুজৰাটৰ নেচনেল ডিফেঞ্চ ইউনিভার্ছিটীৰ পৰা তেওঁলোকে প্রশিক্ষণ লৈছে৷ চাইবাৰ ফৰেনছিক, ডিজিটেল ট্রেছিং আৰু অনলাইন অপৰাধ তদন্তৰ ক্ষেত্রত বাহিনীটোক বিশেষ প্রশিক্ষণ দিয়া হৈছে৷

এই সন্দর্ভত চি আই জি–ডি জি বিনোদ কুমাৰ সিঙে জনায় যে এই কমাণ্ডোসকলে কেৱল অপৰাধ দমনেই নকৰিব, বৰং ই সাধাৰণ মানুহৰ বাবে এক নিৰাপদ ডিজিটেল পৰিৱেশ নিশ্চিত কৰিব৷ প্রথম পর্যায়ত নির্বাচিত ১৫জন আৰক্ষী কর্মীক তেওঁলোকৰ প্রযুক্তিগত দক্ষতা আৰু বিশ্লেষণ ক্ষমতাৰ ভিত্তিতে বাছনি কৰা হৈছে৷ আগন্তুক দিনত তেওঁলোকেই ৰাজ্যৰ অন্যান্য আৰক্ষী কর্মীক প্রশিক্ষণ দিব৷ ছ’চিয়েল মিডিয়া ক্রাইম, ডাটা চুৰি, ফিছিং আৰু ডিজিটেল ব্লেকমেইলিঙৰ দৰে জটিল বিষয়বোৰ এই বাহিনীয়ে চম্ভালিব৷ মাণ্ডলিক আৰু সদৰ কার্যালয়ৰ স্তৰত তেওঁলোকক নিয়োগ কৰা হৈছে৷ তেওঁলোকৰ হাতত আছে হাইটেক ছফ্টৱেৰ আৰু ৰিয়েল টাইম মনিটৰিং ছিষ্টেম৷ অপৰাধীসকলৰ ডিজিটেল ফুটপ্রিণ্ট ট্রেক কৰা এতিয়া আগতকৈ বহুত সহজ হ’ব৷

যোগী চৰকাৰৰ মতে, আধুনিক যুগত আইন–শৃংখলা বজাই ৰখাৰ ক্ষেত্রত আৰক্ষীক প্রযুক্তিগতভাৱে দক্ষ কৰি তোলাটোৱেই একমাত্র পথ৷

You might also like