মৰিগাঁও জিলাৰ মিকিৰভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে নিজাববীয়াকৈ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত আৰ্থিকভাৱে দুৰ্বল ১০২গৰাকী ছাত্র-ছাত্ৰীক ছুৱেটাৰ প্ৰদান কৰে। এই উপলক্ষে আজি বিদ্যালয়খনৰ অধ্যক্ষা বিভা দেৱীৰ সঞ্চালনাত বিদ্যালয় প্ৰাংগণত এক অনুষ্ঠান অনুষ্ঠিত হয়।
শিক্ষক ভূপেন্দ্ৰ নাথ ডেকাই আঁত ধৰা ছুৱেটাৰ প্ৰদান অনুষ্ঠানটোত উপস্থিত থাকি মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° অপূৰ্ব ঠাকুৰীয়াই কয় যে দুটা কামে মানুহক আত্মিক সুখ দিব পাৰে । সেয়া হৈছে ত্যাগ আৰু সেৱা। যদি সেৱা কাৰ্য অন্তৰৰ পৰা কৰা হয়, সেই সেৱাত থাকে মানুহৰ পৰম সুখ আৰু আনন্দ। বৰ্তমান শীতৰ লগত যুঁজ দিবলৈ আমাক এযোৰ গৰম পোছাকৰ অতি প্ৰয়োজন হয়। এই প্ৰয়োজনৰ সময়ত শিক্ষক ভূপেন্দ্ৰ নাথ ডেকাৰ একক প্ৰচেষ্টা আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলক এটিকৈ ছুৱেটাৰ প্ৰদানৰ যি চেষ্টা কৰিছে, সেয়া অতি প্ৰশংসনীয় ৷
উল্লেখ্য যে বৰ্তমান প্ৰচণ্ড শীতৰ সময়ত যাতে বিদ্যালয়খনৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলে এটি গৰম কাপোৰৰ অভাৱত বিদ্যালয়লৈ অহাত ব্যাঘাত নজন্মে, সেই উদ্দেশ্যে শিক্ষকগৰাকীয়ে হাতত লোৱা এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে। আজিৰ এই অনুষ্ঠানটোত মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° অপূৰ্ব ঠাকুৰীয়াৰ উপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ চন্দ্ৰ বৰকটকী, মিকিৰভেটা গাঁও পঞ্চায়তৰ সভাপতি সত্যজিৎ ডেকাকে ধৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, বাৰপূজীয়া, ৫ জানুৱাৰী :