নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানৰ পশ্চিম উপকূলত শক্তিশালী ভূমিকম্প, আতংকিত জনসাধাৰণ

জাপানত বছৰি প্ৰায় ১,৫০০টা ভূমিকম্প সংঘটিত হয়। ইয়াৰে অধিকাংশই সৰু ধৰণৰ যদিও কেতিয়াবা ই ডাঙৰ ক্ষতিও কৰে। ভূমিকম্পৰ প্ৰভাৱ কেৱল তীব্ৰতাৰ ওপৰতেই নহয়, ইয়াৰ গভীৰতা আৰু অৱস্থানৰ ওপৰতো নিৰ্ভৰ কৰে।

জাপানত পুনৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে। দেশখনৰ পশ্চিম উপকূলত মঙলবাৰে পুৱা এই ভূমিকম্প সংঘটিত হয়, যাৰ ৰিখ্টাৰ স্কেলত তীব্ৰতা আছিল ৬.২। এই পৰিমাণৰ ভূমিকম্প যথেষ্ট শক্তিশালী বুলি গণ্য কৰা হয় আৰু ক্ষতিৰ সম্ভাৱনা থাকে। অৱশ্যে, মঙলবাৰে জাপানত সংঘটিত এই ভূমিকম্পৰ ফলত বৰ্তমানলৈ কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। তথাপি ভূমিকম্পৰ পাছত প্ৰভাৱিত অঞ্চলসমূহৰ লোকসকলৰ মাজত আতংক দেখা গৈছে।

জাপানৰ বিজ্ঞান সংস্থা (JMA)ই জাৰি কৰা বিবৃতিত কোৱা হৈছে যে এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ছুনামিৰ সতৰ্কতা জাৰি কৰা হোৱা নাই। এই ভূমিকম্পটো পুৱাৰ ভাগত শিমানে প্ৰদেশত অনুভৱ কৰা হৈছিল। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসাৰে কোনো ক্ষতিৰ তথ্য পোৱা হোৱা নাই আৰু দূৰৱৰ্তী অঞ্চলসমূহতো পৰিস্থিতিৰ পৰ্যালোচনা কৰি আছে। আমেৰিকান ভূতাত্ত্বিক সমীক্ষা সংস্থা (USGS)-এ এই ভূমিকম্পৰ তীব্ৰতা ৫.৮ বুলি উল্লেখ কৰিছে।

ইয়াৰ পিছতেই একে অঞ্চলত ৪.৫, ৫.১, ৩.৮ আৰু ৫.৪ তীব্ৰতাৰ কেইবাটাও সৰু জোকাৰণি অনুভৱ কৰা হৈছে। স্বস্তিৰ বিষয় যে এই ভূমিকম্পৰ বাবেও কোনো ছুনামিৰ সতৰ্কতা জাৰি কৰা হোৱা নাই।

উল্লেখযোগ্য যে জাপান প্ৰশান্ত মহাসাগৰৰ ‘ৰিং অৱ ফায়াৰ’ৰ ওচৰত অৱস্থিত চাৰিখন মুখ্য টেকটনিক প্লেটৰ ওপৰত অৱস্থিত। ইয়াৰ ফলতেই জাপান বিশ্বৰ ভিতৰত আটাইতকৈ অধিক ভূমিকম্প-সংবেদনশীল দেশসমূহৰ ভিতৰত অন্যতম। জাপানত বছৰি প্ৰায় ১,৫০০টা ভূমিকম্প সংঘটিত হয়। ইয়াৰে অধিকাংশই সৰু ধৰণৰ যদিও কেতিয়াবা ই ডাঙৰ ক্ষতিও কৰে। ভূমিকম্পৰ প্ৰভাৱ কেৱল তীব্ৰতাৰ ওপৰতেই নহয়, ইয়াৰ গভীৰতা আৰু অৱস্থানৰ ওপৰতো নিৰ্ভৰ কৰে।

ডিজিটেল ডেস্ক, ৬ জানুৱাৰী

লগতে পঢ়ক —- শিক্ষকৰ প্ৰশংসনীয় পদক্ষেপ

You might also like