বিজেপি-অগপৰ মিত্রতা
অসমত আগন্তুক বিধানসভা নির্বাচনৰ ৰণদুন্দুভি বাজিছে৷ দিছপুৰৰ ৰাজপাট দখলৰ ৰাজনৈতিক যুঁজ চলি থকাৰ সময়তে পিপ’লছ প্লাছ ৰিছার্চ অর্গেনাইজেচনৰ এক প্রাক্ নির্বাচনী সমীক্ষা তিনি জানুৱাৰীত প্রকাশ হৈছে৷ প্রাক্ নির্বাচনী সমীক্ষা অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএই আগন্তুক বিধানসভা নির্বাচনত ৯০খন আসন লাভ কৰিব৷ দিছপুৰত চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ৬৪গৰাকী বিধায়কতকৈও অধিক আসন বিজেপিয়ে লাভ কৰিব৷ বিজেপিয়ে অকলে ৬৯–৭৪খন আসনত জয়লাভ কৰাৰ বিপৰীতে সহযোগী অগপ দলে ৮–১১খন, বিপিএফ দলে ৮–১০খন আৰু ইউপিপিএলে ০–২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ বিপৰীতে বিৰোধী আসনত থকা কংগ্রেছ দলে ২৫–২৯খন, এআইইউডিএফে ০–২খন আৰু ৰাইজৰ দলে ১–২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ প্রাক্ নির্বাচনী সমীক্ষাটোত শাসকীয় ইউপিপিএল, বিৰোধী অসম জাতীয় পৰিষদ আৰু চিপিএম দলে কোনো এখন আসনতে নিশ্চিত জয়ৰ সম্ভাৱনা দেখা নাই৷ ২০২১ৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএই দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হৈছিল৷ বিজেপিয়ে সর্বাধিক ৬০খন আসন লাভ কৰিছিল যদিও পৰৱর্তী সময়ত উপ–নির্বাচনত চাৰিখন আসনত জয়লাভ কৰি দলটোৰ বিধায়কৰ সংখ্যা ৬৪গৰাকীলৈ বৃদ্ধি হৈছিল৷ অগপ দলে ৯খন আসনত আৰু প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে ৭খন আসনত জয়লাভ কৰি চৰকাৰ গঠনৰ অংশীদাৰ হৈছিল৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে তিনিখন আসনত জয়লাভ কৰিছিল যদিও নিৰাপদ দূৰত্বত অৱস্থান গ্রহণ কৰিছিল৷ ২০২১ৰ বিধানসভা নির্বাচনত বড়ো ৰাজনীতিৰ পৰিৱর্তন ঘটাই বিপিএফৰ সংগ এৰি ইউপিপিএলৰ স’তে নির্বাচনী মিত্রতা গঢ়ি তুলিছিল বিজেপিয়ে৷ বিজেপিৰ এনে ৰণনীতিয়ে সামগ্রিকভাৱে লাভৱান কৰিছিল বিজেপিক৷ কিয়নো ১৭ বছৰীয়া হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা অধিষ্ঠানবিৰোধী ঢৌৰ পৰিপ্রেক্ষিতত ইউপিপিএলৰ নেতৃত্বত বড়ো ৰাজনীতিৰ উত্থানৰ ফলত ৰাজনৈতিকভাৱে স্থিতি সলনি কৰিছিল বিজেপিয়ে৷ কিন্তু ২০২৫ত বিটিচি নির্বাচনত হাগ্রামা মহিলাৰীৰ চমকপ্রদ সাফল্যৰ পাছত বিজেপিয়ে আগন্তুক বিধানসভা নির্বাচনত নতুন সমীকৰণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ ইউপিপিএল দল এতিয়াও অংশীদাৰ হৈ আছে যদিও দলটোৰ স’তে আগন্তুক বিধানসভা নির্বাচনত কিদৰে মিত্রতাই গতি লাভ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কিন্তু আগন্তুক বিধানসভা নির্বাচনত ইউপিপিএলৰ বিপৰীতে বিপিএফৰ স’তে বিজেপিৰ নতুন মিত্রতাই গতি লাভ কৰাৰ সম্ভাৱনা প্রকট হৈছে৷
এই কথা দ্বিধাহীনভাৱে ক’ব পাৰি যে অসমৰ ৰাজনীতিত এতিয়া বিজেপি সর্বশক্তিমান দল৷ দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখলৰ অন্তৰালত আছে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ পূর্ণ সমর্থন৷ ২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিয়ে প্রথমবাৰৰ বাবে চমকপ্রদ সাফল্য লাভ কৰি দিছপুৰৰ ক্ষমতা দখলৰ অন্তৰালত আছিল খিলঞ্জীয়া লোকসকলৰ আস্থা আৰু বিশ্বাস৷ অসমৰ আঞ্চলিক আৰু জাতীয়তাবাদী ৰাজনীতিক দীর্ঘকাল উজ্জীৱিত কৰা অগপ দলৰ উপৰি সৰু–বৰ আঞ্চলিক দল–সংগঠনৰ স’তে মিত্রতা স্থাপন কৰি বিজেপিয়ে অসমত এক নতুন ৰাজনৈতিক ধাৰা প্রবহমান কৰিছে৷ ৰাজ্যখনত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ মাজত অগপ দলৰ সাংগঠনিক ভেটি এতিয়াও বর্তি আছে৷ ১৯৮৫ত অসম চুক্তি স্বাক্ষৰৰ পিছত গঠিত অগপ দলক দুটা কার্যকাল ক্ষমতাত অধিষ্ঠিত কৰিছিল অসমবাসীয়ে৷ ক্ষমতাত থকাৰ সময়ত পূর্বৰ দলীয় শীর্ষ নেতৃত্বৰ অপকর্মৰ বাবে আঞ্চলিক দলটোৰ ভেটি ক্রমে দুর্বল হৈছে যদিও ৰাজ্যৰ আঞ্চলিক আৰু জাতীয়তাবাদী ৰাজনীতিৰ গুৰিব’ঠা ধৰি আছে অগপ দলে৷ বিগত তিনি দশকে বিজেপিৰ বিশ্বস্ত সংগী অগপ দলক যিদৰে বিজেপিৰ প্রয়োজন, একেদৰে বিজেপিকো প্রয়োজন অগপ দলৰ৷ অগপৰ পূর্বৰ শক্তি নাথাকিলেও বিজেপিৰ নির্বাচনী ৰণৰ সাফল্যৰ ক্ষেত্রত আঞ্চলিক দলটোৱে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ শক্তি এতিয়াও আছে৷ একেদৰে বিজেপিৰ সহযোগ অবিহনে আঞ্চলিক দলটোৱে নির্বাচনী ৰণ জিকাৰ শক্তি আহৰণ কৰাটো সহজসাধ্য নহয়৷ অসমৰ সাম্প্রতিক ৰাজনীতিত বিজেপি আৰু অগপৰ মিত্রতা খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ বাবে এক শক্তি৷ এনে শক্তিৰ আধাৰতে বিগত ১০ বছৰত ৰাজ্যখনৰ বড়ো, কার্বি, মিচিং, তিৱা, ৰাভা আদি জনগোষ্ঠীৰ মাজত এনডিএই আধিপত্য বিস্তাৰ কৰাৰ লগতে শতিকাপুৰণি কংগ্রেছ দলৰ বিপদঘণ্টা বজাইছে৷ তৃণমূল পর্যায়ত বিজেপিৰ সাংগঠনিক ভেটি যিমানেই শক্তিশালী হৈছে সিমানেই নির্বাচনসমূহত প্রার্থিত্বপ্রত্যাশীৰ সংখ্যাও বৃৃদ্ধি পাইছে৷ ফলত মিত্রতাৰ ধর্ম পালন কৰিও অগপ দলে নির্বাচনসমূহত প্রার্থিত্বক লৈ নীৰৱে যুঁজ দিব লগা হৈছে৷ যোৱা বিধানসভা নির্বাচনত অগপ দলে ২৯খন আসনত প্রার্থিত্ব দিয়াৰ সুযোগ পাইছিল আৰু ইয়াৰে ৯খন আসনত জয়লাভ কৰিছিল৷ আঞ্চলিক দলটোক যিসমূহ আসন দিয়া হৈছিল সেইসমূহৰ অধিকাংশই জনগাঁথনিৰ ফালৰ পৰা বিজেপিৰ বাবে অনুকূল নাছিল৷ অগপ দলৰ বাবে অনুকূল অধিকাংশ আসন ইতিমধ্যে বিজেপিয়ে জয়ৰ ধাৰা অব্যাহত ৰাখি নিজৰ অধীনলৈ নিছে৷ আগন্তুক বিধানসভা নির্বাচনত বিজেপি আৰু অগপৰ নির্বাচনী মিত্রতা নিশ্চিত যদিও আসন বিতৰণৰ বিষয়টো মীমাংসা হোৱা নাই৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহক শক্তিৱন্ত কৰাৰ স্বার্থতে বিজেপিয়ে অগপকে ধৰি অন্যান্য আঞ্চলিক দলসমূহক উপযুক্ত মর্যাদাৰে ঐক্যবদ্ধ কৰা উচিত৷