মাৰ্ঘেৰিটা-ত নিৰ্বাচনী কুচকাৱাজ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক ৰেগিং তথা মাৰধৰ কৰাৰ অপৰাধ ৰঙাঘৰৰ আলহী হ'ব লগা হোৱাৰ ৰাহুল ছেত্ৰীক অগান্তুক নিৰ্বাচনত ৰাইজে কি দৰে আদৰি লয় সেয়া লক্ষণীয় হ'ব
আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। মাৰ্ঘেৰিটা-ত এক দলীয় কৰ্মী সভাত আহি উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ।
মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত ৰাইজৰ দলৰ কৰ্মী সকলৰ সৈতে বহু আলাপ আলোচনাত মিলিত হয় বিধায়কগৰাকী। বিধায়ক অখিল গগৈয়ে তীব্ৰ ভাষাৰে কটাক্ষ কৰিলে বৰ্তমানৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক। মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ হৈ এইবাৰ নিৰ্বাচনত অৱতীৰ্ন হব ৰাহুল চেত্ৰী। ৰাহুল চেত্ৰীয়ে নিৰ্বাচন খেলাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰিলে বিধায়ক অখিল গগৈয়ে।
এই সন্দৰ্ভত সাংবাদিকে বিধায়ক গগৈক কৰা প্ৰশ্নৰ উত্তৰত কয় যে কংগ্ৰেছৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে মাৰ্ঘেৰিটাত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে -এই সন্দৰ্ভত অখিল গগৈয়ে এয়া কংগ্ৰেছৰ লগত আলোচনা কৰিব বুলি উল্লেখ কৰে।
অখিল গগৈৰ মতে, বিৰোধী ঐক্যমঞ্চৰ কোনটো দলে কিমান আসন লাভ কৰিব সেইটো ডাঙৰ কথা নহয়, মুঠতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক পৰাজিত কৰিবই লাগিব। বিৰোধী ঐকমঞ্চত থকা প্ৰতিটো দলৰ এইটোৱেই একমাত্ৰ লক্ষ্য বুলি উল্লেখ কৰে।
ৰাইজৰ দলৰ সভাত প্ৰায় দুই শতাধিক লোকে ৰাইজৰ দলৰ নীতি আৰ্দশক বিশ্বাস কৰি আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে। অন্যহাতে ৰাইজৰ দলৰ প্ৰাৰ্থী তথা দলৰ ৰাজ্যিক সম্পাদল ৰাহুল ছেত্ৰীয়ে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অকৰ্মণ্য বিধায়ক আখ্যা দিয়াৰ লগতে বিগত ১০ বছৰে মাৰ্ঘেৰিটাৰ সমষ্টিৰ উন্নয়ন ক্ষেত্ৰত শূন্য কৰ্মফল বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত এক ন উদ্যমেৰে ৰাইজৰ স্বাৰ্থত কৰ্মসম্পাদন কৰিবলৈ আগবাঢ়ি আহিছে।
অন্যহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক ৰেগিং তথা মাৰধৰ কৰাৰ অপৰাধ ৰঙাঘৰৰ আলহী হ’ব লগা হোৱাৰ ৰাহুল ছেত্ৰীক অগান্তুক নিৰ্বাচনত ৰাইজে কি দৰে আদৰি লয় সেয়া লক্ষণীয় হ’ব।
ৰাহুল ছেত্ৰীক মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ প্ৰাৰ্থী ঘোষণা কৰা কাৰ্য্যই কংগ্ৰেছ শিবিৰত সমগ্ৰ বিষয়টো কিদৰে বিবেচনা কৰে সেয়া সময়ত গম পোৱা যাব। যিহেতু কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীকক মাৰ্ঘেৰিটাত ৰাজ অভিষেক কৰাৰ মন নগাঁৱৰ সাংসদগৰাকীৰ। এইক্ষেত্ৰত কংগ্ৰেছে যে মাৰ্ঘেৰিটাৰ আসন যে এৰি দিব সেয়া সম্ভৱ নহয় বুলি ৰাজনৈতিক ভূ ৰখা মহলত চৰ্চা হৈছে।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ৬ জানুৱাৰী
লগতে এইটোও পঢ়ক—— ভেনিজুৱেলাত আমেৰিকাই কিয় কৰিলে ভয়ংকৰ এয়াৰ ষ্ট্রাইক…