নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বিলাতী সুৰাৰ বিপণী স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ধুবুৰীৰ খলিলপুৰ অঞ্চলত নতুনকৈ খোলা এখন বিলাতী সুৰাৰ বিপণীক কেন্দ্র কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি, যোৱাকালি অঞ্চলটোৰ ক্ষুব্ধ একাংশ পুৰুষ-মহিলাই সেই সুৰাৰ বিপণীখনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ বিপণীখনৰ মূল দুৱাৰৰ শ্বাটাৰ টানি বন্ধ কৰাৰ প্ৰচেষ্টা কৰাও দেখা যায়।

জানিব পৰা মতে, বিপণীখন বন্ধ কৰাৰ দাবীত অঞ্চলটোৰ ৰাইজে ইতিমধ্যে ধুবুৰী জিলা আয়ুক্তসহ আবকাৰী বিভাগৰ অধীক্ষকো এখন অভিযোগ পত্ৰও প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

পত্ৰখনত এটা শান্তিপূৰ্ণ আৱাসিক অঞ্চল তথা ওচৰতে শিক্ষা প্ৰতিষ্ঠান, মন্দিৰ, কাৰ্যালয় আৰু বজাৰো থকা এনে এক অঞ্চলত মদ দোকান স্থাপন কৰিলে এলেকাটোৰ শান্তি-সম্প্ৰীতি গুৰুতৰভাৱে বিঘ্নিত হ’ব বুলি স্পষ্ট ৰূপে অভিযোগ কৰা হৈছে।

আনকি, সুৰাৰ সেই বিপণিখনে অঞ্চলটোত সমাজ-বিৰোধী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰাৰ লগতে মহিলা আৰু শিশুৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ লগতে আইন-শৃঙ্খলাৰ অৱস্থা অৱনতি ঘটাৰ সম্ভাৱনা থকা বুলি উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে।

তাৰেই পৰিপ্ৰেক্ষিতত জনস্বাৰ্থ আৰু সামাজিক কল্যাণৰ খাতিৰত সুৰাৰ বিপণিখনৰ লাইচেঞ্চ বাতিল বা নাকচ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰখনত অনুৰোধ জনোৱা হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ জানুৱাৰী

You might also like