নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত আন্তঃবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি

মাৰ্ঘেৰিটা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান মতিলাল পেৰিৱাল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সফল সামৰণি পৰে। বিদ্যালয়খনৰ ক্ৰীড়া সমাৰোহৰ সমান্তৰালভাৱে আয়োজন কৰা হয় আন্তঃবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা।

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ২০টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। যোগাসনৰ অনুষ্ঠানৰ পাছতে পতাকা উত্তোলন কৰে সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি ডিগবৈ অইল ভেলী স্কুলৰ সঞ্চালক তিলক গুপ্তাই।

মিদকা চহৰীয়া আৰু প্ৰসেনজিত বৰদলৈয়ে আঁ‌তধৰা অনুষ্ঠানত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰুণজুন শইকীয়া, বিশিষ্ট কবি পাৰুল শইকীয়া, অৱসৰপ্ৰাপ্ত শাৰীৰিক শিক্ষা নিৰ্দেশক দেৱজ্যোতি বুঢ়াগোহাঁই, ৰূপাঞ্জলী বৰদলৈ , দেবব্ৰত বৰদলৈ, মনা নাংগীয়া , সাংবাদিক মানস প্ৰতিম গগৈ আদি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই অনুষ্ঠানতেই বিদ্যালয়ৰখনৰ বাৰ্ষিক কেলণ্ডাৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হ’য়।

নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ৭ জানুৱাৰী

You might also like