নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষাগৃহ উদ্বোধন মুখ্যমন্ত্রীৰ

ৰাষ্ট্ৰীয় মানৰ এটা প্ৰেক্ষাগৃহেৰে সমৃদ্ধ হল লখিমপুৰ জিলা। নগৰৰ গাতে লাগি থকা চুকুলীভৰীয়াত ২৪.৭৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূর্ণ কৰা প্ৰেক্ষাগৃহটো উদ্বোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম চৰকাৰৰ গৃহনির্মাণ আৰু নগৰ আন্তঃগাঁথনি উন্নয়ন পূজিৰে নিৰ্মাণ কৰা প্ৰায় ৯০০ আসন বিশিষ্ট ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত কৰিব পৰাকৈ উপযোগী কৰি নিৰ্মাণ কৰা ড০ ভূপেন হাজৰিকা টাউন হলটো উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ উৎসৰ্গা কৰে।

কাৰ্য্যসূচীত মন্ত্রী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, অমিয় ভূঞা, আদিয়ে মুখ্যমন্ত্রীগৰাকীক সংগ দিয়ে। উদ্বোধনৰ পাছত প্ৰেক্ষাগৃহতে আয়োজন কৰা এখন সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয়- অত্যাধুনিক এই প্ৰেক্ষাগৃহটো উদ্বোধন কৰিবলৈ পাই সুখী হৈছো। ভূপেন হাজৰিকাৰ স্মৃতিত নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটোৱে লখিমপুৰৰ অগ্ৰগামী যাত্রাক সমৃদ্ধ কৰিব।

মুখ্যমন্ত্রীগৰাকীয়ে জিলা খনৰ নামটো সন্দৰ্ভত ঐতিহাসিক তথ্যক আলোকপাত কৰে। জিলাখন গঠন আৰু পৰৱৰ্তী সময়ৰ পুনৰ গঠন প্ৰক্ৰিয়াকো তেও উল্লেখ কৰে। জিলাখনৰ প্ৰগতিৰ গতি দীৰ্ঘদিন ধৰি স্থবিৰ হৈ আছিল বুলি উল্লেখ কৰি তেওঁ জিলাখনৰ বৰেণ্য সাহিত্যক, সাংস্কৃতিক ব্যক্তিসকলক স্মৰণ কৰে।

জিলাখনে সাহিত্য সংস্কৃতি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানক তেওঁ স্মৰণ কৰে। যোৱা পাঁচটা বছৰত লখিমপুৰত চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ থূলমূল খতিয়ান দাঙি ধৰে। জিলাখনৰ দুখনকৈ বিশ্ববিদ্যালয়কে ধৰি উন্নয়নৰ আভাস দাঙি ধৰে। ইতিহাসৰ পাতত চিন ৰাখি যোৱা ৰাজ্যৰ বৰেণ্য ব্যক্তিসকলৰ নাম যুগমীয়া কৰাৰ হকে ৰাজ্য চৰকাৰে কাম কৰা বুলি উল্লেখ কৰে।

বিশেষ বাৰ্তা, লখিমপুৰ, ৮ জানুৱাৰী

You might also like