বন বিভাগৰ অতৰ্কিত অভিযান, ছটাকৈ অবৈধ কাঠফলা মিল জব্দ
বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰাচৰত গোৱালপাৰা জিলা বন বিভাগ আৰু বৰপেটা জিলা বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায়। গোৱালপাৰা জিলা বন বিভাগৰ এটি বৃহৎ দলে বাঘমাৰাচৰৰ বিভিন্ন গোপন স্থানত অভিযান চলাই ছয় টাকৈ চোৰাং কাঠ ফলা মিল উৎখাত কৰাৰ লগতে প্ৰায় ৬০ লক্ষ্যাধিক টকাৰ শাল চেগুনৰ লগতে গমাৰিৰ উপৰি বিভিন্ন প্ৰজাতিৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
গোৱালপাৰা বন বিভাগৰ এটি বৃহৎ দলে চলোৱা এনে অভিযানত বাঘমাৰাচৰৰ চোৰাং কাঠ বেপাৰীসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা বাঘমাৰাচৰত একাংশ চোৰাং কাঠ বেপাৰীয়ে বিভিন্ন পক্ষক মেনেজ কৰি গুৰু গোঁসাই নেমানাকৈ চলাই আহিছিল চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়।
গোপন খবৰৰ ভিত্তিত গাঁওখনৰ বিভিন্ন ঠাইত গোৱালপাৰা জিলা বন বিভাগৰ এটি শীৰ্ষ দলে অভিযান চলাই চোৰাং কাঠ ফলা মিলসমূহ তচনচ কৰি পেলোৱাৰ লগতে প্ৰায় ষাঠি লক্ষ্যাধিক টকাৰ চোৰাং কাঠ জব্দ কৰাৰ পাছতে নিমাওমাও পৰিবেশৰ সৃষ্টি হয় বৃহত্তৰ বাঘমাৰা চৰত।
জব্দকৃত চোৰাং কাঠখিনিৰ লগতে জব্দকৃত চোৰাং কাঠ ফলা মিলসমূহ অভিযানকাৰীৰ দলটোৱে লৈ যায়।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৮ জানুৱাৰী