নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছত টকাও দিব লাগে, ভোটো দিব লাগে আৰু এভেকচনো খাব লাগে

২০২৬ৰ নিৰ্বাচন সমাগত। এনে প্ৰেক্ষাপটত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঢপলিয়াইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। উন্নয়নৰ নিজৰা বোৱাই, উন্নয়নৰ প্ৰতিশ্ৰুতি দি তেও নিৰ্বাচনকেন্দ্রিক কাম কাজত ব্যস্ত হৈ পৰিছে। এফালে উন্নয়নৰ ৰূপৰেখা আৰু আনফালে বিৰোধীক সমালোচনা কৰি মুখ্যমন্ত্রীগৰাকীয়ে নিৰ্বাচনী যুজৰ ডংকা বজাইছে।

আজি লখিমপুৰত তেনে ৰূপত দেখা গল মুখ্যমন্ত্রীগৰাকীক। নগৰৰ সমীপৰ চুকুলীভৰীয়াত মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কংগ্রেছ, মিঞাক কঠোৰ সমালোচনা কৰে। তেওঁ কয়- মিঞাৰ বহুত দুৰ্ভাগ্য। তেওঁলোকে কংগ্রেছক টকাও দিব লাগে, ভোটো দিব লাগে আৰু এভেকচনো খাব লাগে। মই নিজেই কৈ আছো যে যিমান পাৰে সন্দেহজনক লোকসকলৰ ওপৰত অভিযোগ দিয়ক। বিএলএসকলক মই নিৰ্দেশ দিছো যাতে সন্দেহজনক মিঞা মুছলমানৰ ভোট কৰ্তন কৰিব পাৰো। বিএলএসকলক মই নিৰ্দেশ দিছো যদি সন্দেহজনক লোকৰ নাম দেখে তেন্তে কমপ্লেইন দিব।

কংগ্রেছ দলেও এনে কমপ্লেইন দিব পাৰে। বিজেপিৰ যিখিনি স্বাধীনতা আছে সেয়া কংগ্রেছৰো আছে। আন সকলো দলৰেই এই অধিকাৰ আছে৷

তেওঁ আৰু কয়, অনাগত সময়ত অসমৰ বাবে দুৰ্ভাগ্যজনক বাতৰি কঢ়িয়াই আনিব। বাংলাদেশী মিঞা মুছলমানৰ সংখ্যাই ৪০ শতাংশৰ ঘৰ স্পৰ্শ কৰিব। তেওঁ কংগ্রেছক সমালোচনা কৰি কয়-বিৰোধী দল ফিল্ডত নাই। আমি যেতিয়া বিৰোধীত আছিলো তেতিয়া দিনে ৰাতিয়ে আমি ফিল্ডত আছিলো। তেওঁলোক কিন্তু এতিয়া কতো নাই। তেওঁলোকে হাত দাঙিয়েই দিছে। কিন্তু তেওঁলোক শূন্য বুলি নকওঁ।

কাৰণ মিঞা তেওঁলোকৰ লগত আছে। কংগ্রেছক ৭৫ বছৰ দেখাৰ পাছত এতিয়াও যে একাংশই ভোট দিয়ে, চিৰিয়াছলি লয়, সংবাদ মাধ্যমে মোক প্ৰশ্ন কৰে তাত মই আচৰিত হওঁ। কংগ্রেছৰ প্ৰাসংগিকতা কত আছে? অবৈধ বাংলাদেশীক বাদ দিলে কোনজন খিলঞ্জীয়া অসমীয়াই কংগ্রেছক ভোট দিব? এইদৰে প্ৰশ্ন তুলি মুখ্যমন্ত্রীগৰাকীয়ে গৌৰৱ গগৈ, অখিল গগৈয়ে প্ৰেছ কনফাৰেন্স কৰি থকাতকৈ বিজেপিৰ সদস্যসকলে যেনেকৈ গ্ৰাউণ্ডত কাম কৰি আছে তেনেদৰে কাম কৰিবলৈ পৰামৰ্শ দিয়ে।

অগপৰে মিত্রতাৰ প্ৰসংগ তুলি মুখ্যমন্ত্রীগৰাকীয়ে কয়- অগপৰ প্ৰতি আমাৰ সন্মান আছে। আমাৰ তেওঁলোকৰ ওপৰত কোনো হেঁচা নাই। তেওঁলোক যত যেনেকৈ পাৰে প্ৰাৰ্থী থিয় কৰিব পাৰে সেয়া কৰিব পাৰে। আমি কেইটাত নকৰো সেয়া ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সিদ্ধান্ত লম। তেওঁলোকে অতিৰিক্তভাবে যিসমুহ সমষ্টিত প্ৰাৰ্থী দিব তাত আমাৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা হব।

উল্লেখ্য লখিমপুৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ সভাত অংশগ্রহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত এইদৰে কয়। সভাত সাংসদ প্ৰদান বৰুৱা, মন্ত্রী ৰণোজ পেগু, বিধায়ক মানৱ ডেকা, নৱ দলে, অমিয় ভূঞা, প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকা, জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মা, প্ৰাক্তন সভাপতি ফণীধৰ বৰুৱা, যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা আদিয়ে অংশগ্রহণ কৰে।

বিশেষ বাৰ্তা, লখিমপুৰ, ৮ জানুৱাৰী

You might also like