নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বছৰৰ প্ৰথমতে লখিমপুৰত উন্নয়নমূলক আঁচনিৰ ভূমি পূজন, শিলান্যাস, উদ্বোধন মুখ্যমন্ত্ৰীৰ

নতুন বছৰটোৰ প্ৰথমতে লখিমপুৰত উন্নয়নৰ জোৱাৰ তুলিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুদিনীয়া কাৰ্য্যসূচীৰে লখিমপুৰলৈ আহি মুখ্যমন্ত্রীগৰাকীয়ে কালিৰে পৰা বহু উন্নয়নী আঁচনিৰ ভূমি পূজন, শিলান্যাস, উদ্বোধন কৰে।

কালি জিলাখনৰ ঢকুৱাখনাত বহু আঁচনিৰ জোৱাৰ তুলি নিশা লখিমপুৰ সদৰ এলেকাত ৯০০ আসন বিশিষ্ট তথা ২৪,৭৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ড০ ভূপেন হাজৰিকা টাউন হলটো উদ্বোধন কৰে।

আজি পুৱা অসম মালা ৩.০ আঁচনিৰ অধীনত ৪০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা ন আলি কলিতা গাঁও সংযোগী পথটো ন আলি এলেকাত মুখ্যমন্ত্রীগৰাকীয়ে ভূমি পূজন কৰি নিৰ্মাণৰ শুভাৰম্ভ কৰে। তাৰ পিছতে তেওঁ অৰুণাচল সীমান্তৱৰ্তী জহিং এলেকাত ৩০ কোটি টকাৰে নিৰ্মাণ সম্পূর্ণ কৰা নৰ্থ লখিমপুৰ বিশ্ব বিদ্যালয়ৰ নতুন চৌহদটো উদ্বোধন কৰে।

পৰৱৰ্তী সময়ত নগৰৰ গাতে লাগি থকা চুকুলীভৰীয়াত ৫২ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা সংহত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ ভূমিপূজন কৰে। মাংগলিক ৰীতি নীতিৰে তেওঁ এই ভৱনটোৰ ভূমিপূজন সম্পন্ন কৰে।

কেৱল লখিমপুৰ সদৰ এলেকাতে মুখ্যমন্ত্রীগৰাকীয়ে ১২২ কোটি টকাৰ আঁচনি ৰাইজক উপহাৰ দি যায়। সেই ঠাইতে তেওঁ মহিলা উদ্যমিতা আঁচনিৰ চেকো বিতৰণ কৰে। লখিমপুৰীয়া ৰাইজে নতুন বছৰৰ প্ৰাৰম্ভতে জিলাখনক এনেদৰে উন্নয়নী আঁচনিৰে সমৃদ্ধ কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

বিশেষ বাৰ্তা, লখিমপুৰ, ৮ জানুৱাৰী

You might also like