নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত গণৰাজ্য দিৱসৰ প্রতীকপটত স্থান পাব ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্পই

ধুবুৰী জিলালৈ এক বিশেষ গৌৰৱ কঢ়িয়াই ৰাষ্ট্রীয় প্রেক্ষাপটত পুনৰ উজলি উঠিবলৈ সাজু হৈছে টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দিয়ে৷ ২০২৬ বর্ষৰ গণৰাজ্য দিৱসত দিল্লীৰ কেন্দ্রীয় কার্যসূচীত অসমৰ প্রতীকপটৰূপে স্থান পাব আশাৰীকান্দিৰ টেৰাকোটা শিল্পীৰ শিল্পই৷

জানিব পৰা মতে, সেই বিশেষ প্রতীকপটটোৱে আশাৰীকান্দিৰ শিল্পীসকলৰ দৈনন্দিন জীৱন, তেওঁলোকে ব্যৱহাৰ কৰা সা–সঁজুলি, কেঁচামাল আৰু প্রস্তুত কৰা টেৰাকোটা শিল্পৰ সামগ্রীৰ উপৰি অসমৰ গ্রাম্য জীৱনৰ সৈতে জড়িত সাংস্কৃতিক উপাদানসমূহো প্রদর্শিত হ’ব৷ উল্লেখ্য যে ধুবুৰী জিলাৰ সদৰ ধুবুৰীৰ পৰা ১৪ কিলোমিটাৰ দূৰৰ এই গাঁওখন কেৱল অসম অথবা ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্রান্তত এতিয়া পৰিচিত টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দি ৰূপে৷ উল্লেখ্য যে ঊনৈছ শতিকাৰ আৰম্ভণিতে মৃৎশিল্পৰ লগত জড়িত কেইটামান পৰিয়ালৰ পূব বংগৰ (এতিয়া বাংলাদেশ) পৰা আশাৰীকান্দিলৈ প্রব্রজন ঘটিছিল৷ দৰাচলতে কেঁচামালৰ উপলব্ধতা, সস্তীয়া পৰিবহণৰ সুবিধা আদিকে ধৰি আর্থিকভাৱে ব্যৱহাৰযোগ্য আন কেইবাটাও কাৰকৰ বাবে তেওঁলোকে এই স্থান বাছনি কৰিছিল৷ সেই শিল্পীসকলৰ শিল্পকলাই স্থানীয় কথকতা, সাধুকথা আৰু লোকবিশ্বাসৰ সৈতে সংমিশ্রণ ঘটি জন্ম লৈছিল নিজস্ব সুকীয়া ধাৰাৰ৷ লাহে লাহে সময়ৰ গতিত জন্ম লোৱা এক নতুন ধাৰাৰ অসমীয়া শিল্পকলাই হ’ল টেৰাকোটা শিল্প৷

প্রথমাৱস্থাত টেৰাকোটা শিল্পৰ সৈতে জড়িত সেই শিল্পীসকলৰ নির্দিষ্ট কোনো লক্ষ্য অথবা এই শিল্পকলাক ব্যৱসায়িক ভিত্তিত আগুৱাই নিয়াৰ বাবে নির্দিষ্ট কোনো পৰিকল্পনা নাছিল যদিও এগৰাকী মহিলা শিল্পী সৰলা বালা দেৱীৰ প্রচেষ্টাত আশাৰীকান্দিত সূচনা ঘটিছিল টেৰাকোটা শিল্পৰ এক নতুন যুগৰ৷ শিল্পীগৰাকীৰ ‘হাতিমা’খ্যাত কোঁচত শিশু থকা এগৰাকী মহিলাৰ টেৰাকোটাৰ অভিনৱ পুতলাই ৰাষ্ট্রীয় পর্যায়ত লাভ কৰিবলৈ সক্ষম হৈছিল বিশেষ সুখ্যাতি৷ ১৯৮২ চনত ‘হাতিমা’ই সৰলা বালা দেৱীলৈ বুটলি আনিছিল ৰাষ্ট্রপতি পুৰস্কাৰ৷ সৰলা বালা দেৱীৰ এই কৃত্বিত্বই সমগ্র ভাৰতৰ শিল্প জগতত স্থান লভিবলৈ সক্ষম হৈছিল মৃৎশিল্পৰ এক নতুন ধাৰাই৷ জন্ম হৈছিল নতুন চিন্তাধাৰাৰ৷ সৰলা বালা দেৱীক পথিকৃৎ ৰূপে লৈ আশাৰীকান্দিৰ বহু মহিলাই খোজ দিবলৈ আগুৱাই আহিছিল টেৰাকোটা শিল্পৰ জগতখনত৷ বর্তমানে গাঁওখনৰ ১৩৪টা পৰিয়ালৰ প্রতিটো গৃহৰে মহিলাসকলৰ অধিকাংশই জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে৷ আশাৰীকান্দিৰ এই নীৰৱ অর্থনৈতিক বিপ্লৱৰ মূল চালিকাশক্তি হ’ল গাঁওখনৰ মহিলাসকল৷ গাঁওখনৰ ৬০০–৭০০ শিল্পীৰ অতিকমেও ৪০০গৰাকী মহিলা প্রত্যক্ষভাৱে জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে৷ টেৰাকোটাক বিষয়বস্তু ৰূপে লৈ আছে ৮টাকৈ মহিলা আত্মসহায়ক গোট আৰু এটা সমবায় সমিতি–আশাৰীকান্দি ড’ল মেকিং সমবায় সমিতি৷ উল্লেখ্য যে ২০২৪ বর্ষত আশাৰীকান্দিৰ টেৰাকোটা শিল্পই জিআই টেগ লাভ কৰি অসম তথা ধুবুৰী জিলালৈ এক বিশেষ সন্মানো কঢ়িয়াই আনিছে৷

ইয়াতে উল্লেখনীয় এয়াও যে ২০২০ বর্ষত ‘মন কী বাত’ৰ অনুষ্ঠানত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘ভকেল ফৰ লকেল’ আৰু ‘আত্মনির্ভৰ ভাৰত’ৰ প্রতি ভাৰতৰ নাগৰিকক সম্বোধন কৰোঁতে আশাৰীকান্দিৰ মৃৎশিল্পীৰ পুতলাৰ বিষয়ে উল্লেখ কৰিছিল৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্লাষ্টিক সামগ্রী বর্জনৰ আহ্বান জনোৱাৰ পিছৰে পৰা আশাৰীকান্দিৰ মাটিৰ চাহৰ গিলাচৰ পৰা মাটিৰ চাকিৰ চাহিদা এতিয়া সর্বত্র৷ বিগত ২০২৫ বর্ষৰ দীপাৱলীত প্রায় ১ কোটিৰো অধিক মাটিৰ চাকি নির্মাণ কৰি অভিলেখ গঢ়িছিল আশাৰীকান্দিৰ মৃৎশিল্পীসকলে৷ বর্তমানে কেৱল অসম, উত্তৰ–পূর্বাঞ্চলেই নহয়, দেশৰ বিভিন্ন প্রান্তৰ উপৰি বিদেশতো টেৰাকোটাৰ সামগ্রীৰ সুনাম, সমাদৰ আছে৷ ২০১৬ চনত আমি কৰা এক সমীক্ষা মতে সেই বছৰ আশাৰীকান্দিৰ টেৰাকোটা সামগ্রীৰ জগতখনত ১২ কোটি টকাৰো অধিক ধনৰ লেনদেন হৈছিল আৰু বর্তমানে সেয়া অতি কমেও দুই–আঢ়ৈগুণ বৃদ্ধি হৈছে৷ ‘চলিত বর্ষৰ পৰা বছৰি আমি অতিকমেও এশ কোটি টকাৰ সামগ্রী নির্মাণ কৰাৰ লক্ষ্য বান্ধি লৈছোঁ৷’ এই দাবী টেৰাকোটা শিল্পক এক সুসংহত, ব্যৱসায়িক ভিত্তিত গঢ়ি তুলিবলৈ বিশেষ অৱদান থকা উত্তৰ–পূব শিল্প আৰু গ্রাম্য উন্নয়ন সংস্থা নামৰ এক বেচৰকাৰী সংস্থা (চমুকৈ নেকার্ডো) তথা সংস্থাটোৰ প্রতিষ্ঠাপক সঞ্চালক বিনয় ভট্টাচার্যৰ৷ নিশ্চিতভাৱে ভৱিষ্যতত আশাৰীকান্দিৰ টেৰাকোটা শিল্পীৰ ব্যপ্তিতাই কেৱল গাঁওখনৰেই নহয়, সমগ্র ধুবুৰী জিলাৰ আর্থ-সামাজিক দিশত সুদূৰপ্রসাৰী প্রভাৱ পেলোৱাৰ সম্ভাৱনাৰ উদয় হৈছে৷

নিয়মীয়া বার্তা, ধুবুৰী, ৯ জানুৱাৰী :

You might also like