ৰাজস্থানত উজলিল শিৱসাগৰৰ ৰাজলক্ষী বৰুৱা
ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ মিছ ইণ্ডিয়াত “জুনিয়ৰ মিছ ইণ্ডিয়া”ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱৰ নিবাসী লক্ষীনাথ বৰুৱা আৰু পৰীণিতা বৰুৱাৰ কনিষ্ঠা কন্যা ৰাজলক্ষী বৰুৱাই৷
অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৰাজলক্ষীয়ে৷ অসমীয়াৰ মুগাৰ সাজ পৰিধান কৰাৰ লগতে স্বাভিমান গামোচা আৰু হাতত টকা লৈ জুনিয়ৰ মিছ ইণ্ডিয়াৰ ৰেম্পত নিজৰ প্ৰদৰ্শন দাঙি ধৰিছিল ৰাজলক্ষীয়ে।
জনা মতে ১২ জানুৱাৰীত শিৱসাগৰ হাঁহচৰা লাটুম গাঁৱৰ স্বগৃহত উপস্থিত হ’ব ৰাজলক্ষী বৰুৱা। ইয়াৰ পূৰ্বেও ৰাজলক্ষীয়ে সাজপাৰ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ৰাজলক্ষী এগৰাকী অভিনেত্ৰীও ৷
নাজিৰাৰ গুৰুকুল স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ৰাজলক্ষী বৰুৱাৰ এনে সাফল্যই শিক্ষানুষ্ঠানখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিশেষ বাৰ্তা, নিয়মীয়া বাৰ্তা, নাজিৰা, ৯ জানুৱাৰী