নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় উত্তৰ-পূব স্বাস্থ্য পৰিচালনা সমাৱেশ উদ্বোধন ৰাজ্যপালৰ

অসম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত দ্বিতীয় উত্তৰ-পূব স্বাস্থ্য পৰিচালনা সমাৱেশ (Northeast Healthcare Management Conclave) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। Association of Healthcare Providers India (AHPI)ৰ উত্তৰ-পূব গোটে “শক্তিশালী উত্তৰ-পূবৰ বাবে ৰোগী সেৱা আৰু আন্তঃগাঁথনি উন্নয়ন” শীৰ্ষক বিষয়ত এই সমাৱেশৰ আয়োজন কৰে।

উদ্বোধনী ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে স্বাস্থ্য খণ্ড শক্তিশালীকৰণৰ বাবে নিবেদিত এইধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয়। ভাৰতীয় পৰম্পৰাত স্বাস্থ্যক সদায় সৰ্বোচ্চ গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এজন সুস্থ ব্যক্তি এখন সুস্থ সমাজ আৰু সুস্থ ৰাষ্ট্ৰৰ ভেটি।

ৰাজ্যপালে জোৰ দি কয় যে স্বাস্থ্য সেৱা কেৱল ৰোগ নিৰ্ণয় আৰু চিকিৎসাত সীমাবদ্ধ নহয়; ই মানৱ মৰ্যাদা ৰক্ষা, সামাজিক ন্যায় নিশ্চিতকৰণ আৰু ৰাজ্যৰ সাংবিধানিক দায়িত্ব পূৰণৰ এক গুৰুত্বপূর্ণ মাধ্যম। এক ফলপ্ৰসূ স্বাস্থ্য ব্যৱস্থা বিশ্বাস আৰু সহানুভূতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব লাগিব বুলি উল্লেখ কৰি তেওঁ সকলো নাগৰিকৰ বাবে সময়মতে, সুলভ আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উত্তৰ-পূবৰ কঠিন ভৌগোলিক অৱস্থা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি ৰাজ্যপালে এই অঞ্চলত স্বাস্থ্য সেৱা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে। এই প্ৰসংগত তেওঁ কয় যে এই সমাৱেশ অত্যন্ত তাৎপৰ্যপূৰ্ণ, কিয়নো ইয়াত বৈজ্ঞানিক আৰু ৰোগীকেন্দ্ৰিক দৃষ্টিভংগীৰ সৈতে পৰিচালনা আৰু চিকিৎসাগত উৎকৰ্ষ একেলগে আলোচিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “সুস্থ ভাৰত, সমৃদ্ধ ভাৰত”ৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি ৰাজ্যপালে কয় যে সুস্থ নাগৰিকেই আত্মনিৰ্ভৰ আৰু শক্তিশালী ৰাষ্ট্ৰৰ আধাৰ। আয়ুষ্মান ভাৰত, হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, আয়ুষ্মান ভাৰত ডিজিটেল মিছন আৰু ই-সংজীৱনী টেলিমেডিচিন সেৱাৰ জৰিয়তে দূৰৱৰ্তী অঞ্চলতো গুণগত স্বাস্থ্য সেৱা উপলব্ধ হৈছে বুলি তেওঁ উল্লেখ কৰে।

ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে স্বাস্থ্য খণ্ডত বৃহৎ পৰিসৰত আন্তঃগাঁথনি আৰু মানৱ সম্পদ উন্নয়নৰ কাম কৰি থকা বুলি ৰাজ্যপালে কয়। আয়ুষ্মান অসম, মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা, নতুন চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ, জিলা চিকিৎসালয়সমূহৰ আধুনিকীকৰণে ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাক অধিক শক্তিশালী কৰিছে বুলি তেওঁ উল্লেখ কৰে।

ৰাজ্যপালে লগতে কয় যে ৰোগী সেৱা আৰু আন্তঃগাঁথনি উন্নয়ন স্বাস্থ্য খণ্ডৰ দুটা পৰিপূৰক স্তম্ভ। দক্ষ পৰিচালনা, প্ৰশিক্ষিত মানৱ সম্পদ, নৈতিকতা আৰু মানৱীয় সংবেদনশীলতা অবিহনে আন্তঃগাঁথনিৰ কোনো অৰ্থ নাই বুলি তেওঁ স্পষ্ট কৰে। এই ক্ষেত্ৰত স্বাস্থ্য পৰিচালকসকলৰ ভূমিকা অতি গুৰুত্বপূর্ণ বুলিও তেওঁ মন্তব্য কৰে।

“সৰ্বে ভবন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়ঃ” এই প্ৰাৰ্থনাৰ সৈতে ৰাজ্যপালে আশা প্ৰকাশ কৰে যে সামূহিক প্ৰচেষ্টা আৰু সহযোগিতাৰ জৰিয়তে এক সুস্থ উত্তৰ-পূব আৰু শক্তিশালী ভাৰত গঢ়ি তোলা সম্ভৱ হ’ব।

উদ্বোধনী অনুষ্ঠানত AHPI উত্তৰ-পূব গোটৰ সভাপতি নীলাভ মজুমদাৰ, উপ-মহাপৰিচালক ড° সুনীল ক্ষেত্ৰপাল, সম্পাদক ৰোহিত উপাধ্যায়, আয়োজক সভাপতি ড° জে. পি. শৰ্মাৰ লগতে বহু সংখ্যক বিশিষ্ট স্বাস্থ্য বিশেষজ্ঞ আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

ডিজিটেল ডেস্ক, ১০ জানুৱাৰী

You might also like