নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত উপস্থিত হৈ ৮ গৰাকী ক’ৰোনা আক্ৰান্তৰ কথা কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে ?

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়গৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত । চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ৮ গৰাকীকৈ ক’ৰোনা আক্ৰান্তৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসকৰ সৈতে সকলো প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে ।

সংবাদমাধ্যমক সম্বোধন মন্ত্ৰীগৰাকীয়ে বৰ্তমান আটাইকেইগৰাকী ৰোগী সুস্থ বুলি কোৱাৰ লগতে পৰৱৰ্তী ১৪ দিনৰ পাচত তেওঁলোকক পুনৰ পৰীক্ষা কৰোৱা হ’ব বুলিও উল্লেখ কৰে । এই পৰীক্ষাত যদি নিগেটিভ আহে পুনৰবাৰ তেওঁলোকক ১৪ দিন আইছ’লেচনত ৰাখি মুকলি কৰি দিয়া হ’ব বুলিও কয় ।

ইফালে, যিসকল চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে এই ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত নিয়োজিত হৈ আছে ৭ দিনৰ অন্তত তেওঁলোককো কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । গোলাঘাট অসামৰিক চিকিৎসালয়খনত যিসমূহ সমস্যাই দেখা দি আছিল আজি সন্ধিয়াৰ ভাগলৈ সেইসমূহৰো সমাধান কৰা হ’ব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই ।

আনকি ৰোগীসকলৰ ক্ষেত্ৰতো কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেইসমূহো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক । পুৱাৰ আহাৰ অথবা ৰাতিৰ আহাৰত কি কি থাকিব সেই সম্বন্ধেও প্ৰতিটো দিশ নিজেই তদাৰক কৰি থকা বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

You might also like