দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি অহা নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী বাঘ। কিছুদিন ধৰি বাগিচা কৰ্তৃপক্ষই বাগিচাখনত বাঘৰ উপস্থিতিৰ উমান পোৱাত লক্ষ্মীজান খণ্ড বন কাৰ্যালয়ৰ বিষয়াক অৱগত কৰে।
পাঁচদিন পূৰ্বে বন বিভাগে বাগিচাৰ ১৫ নং লাইনৰ এক স্থানত পিঞ্জৰা স্থাপন কৰে । আজি বামুণপুখুৰী চাহ বাগিচাৰ শ্ৰমিকে উক্ত এলেকাত কাম কৰিবলৈ যাওঁতে বাঘৰ গুজৰণি শুনা পাই লগে লগে শ্ৰমিকে বাগিচাৰ পৰিচালকক অৱগত কৰে । বাগিচাৰ পৰিচালকে ক্ষিপ্ৰতাৰে বন বিভাগৰ লোকক জনোৱাত বিহুবৰ আৰু লক্ষ্মীজান খণ্ড বন কাৰ্যালয়ৰ কৰ্মী আৰু বাগিচাৰ শ্ৰমিকৰ সহায়ত পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকী বাঘটো। পিছত লক্ষ্মীজান খণ্ড বন কাৰ্যালয়ত চমজাই দিয়ে নাহৰফুটুকীটো ।
নিয়মীয়া বাৰ্তা, নাজিৰা, ১২ জানুৱাৰী :