আঘোণৰ সোণগুটি ভঁৰালত ভৰাই অতি আনন্দেৰে অসমীয়াই মন ভৰাই উদযাপন কৰে মাঘৰ বিহু। কিন্তু এই মাঘ যেন কিছু ব্যতিক্ৰম। ভঁৰাল পূৰঠ হলেও প্ৰতিগৰাকী অসমীয়াৰ মন আৰু বুকুৰ কোনোবাখিনিত যেন জুবিন গাৰ্গ নামৰ সত্তাটো নোহোৱা হোৱাৰ এক দুখবোধে সোপা মাৰি ধৰি আছে। সেয়ে আনন্দ কৰিবলৈ গৈও মন খুলি হাঁহিব পৰা নাই ৰাইজে। আজি তাৰ প্ৰতিফলন দেখা গল পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ে আয়োজন কৰা প্ৰাক মাঘ বিহুত।
উল্লেখনীয় যে বিগত বাইশটা বছৰে বিদ্যালয়খনে ভোগালীৰ এই শুভক্ষণত ভোগালীৰ ভোগজৰা শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ মাধ্যমেদি মেজি জ্বলোৱা, ভোজভাত, পিঠা-পনাৰ মাধ্যমেদি উদযাপন কৰি আহিছে। কিন্তু এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো মাঘ বিহু, এই সকলোবোৰ বাদ দি ভেলাঘৰৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ কৰ্ম আৰু সৃষ্টিৰাজিক ধৰি ৰাখিব পৰাকৈ প্ৰতীকী হিচাপে জুবিন গাৰ্গৰ প্ৰিয় বাদ্যযন্ত্ৰ গীটাৰখন নৰাৰে সাজি তেওঁৰ অমোঘ বাণী গীতৰ কলি, কবিতাসমূহ ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মৰ মাজত বিলাই দিয়াৰ মানসেৰে উপস্থাপন কৰে ।
বিদ্যালয়ৰ শৈক্ষিক সঞ্চালক ৰঞ্জিত কুমাৰ বৰাই জনোৱা মতে, জুবিনদাৰ প্ৰিয় গ্ৰন্থ,তেওঁৰ জীৱনী গ্ৰন্থ আদিৰ লগতে বিহুৰ পিঠা-পনা তথা জা-জলপান আগবঢ়ায়। তদুপৰি জুবিনদাই বজোৱা বহুসংখ্যক লোকবাদ্য আৰু অন্যান্য বাদ্যযন্ত্ৰসমূহো প্ৰতীকী ৰূপত উপস্থাপন কৰি সকলোৱেই জুবিনদাৰ ন্যায় দাবী কৰে । মায়াবিনী আৰু বাটৰে শেষতে শীৰ্ষক গীত দুটি সমস্বৰে পৰিৱেশন কৰাৰ লগে লগে বিদ্যালয়ৰ অধ্যক্ষ তপন চন্দ্ৰ গগৈয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বিদ্যালয়খনৰ এই ব্যতিক্ৰমী ভোগালী বিহু উদযাপনে সকলোকে আকৰ্ষিত কৰা দেখা যায় আৰু এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠানত বিদ্যালয়ৰ ৰেক্টৰ বিশিষ্ট চিত্ৰশিল্পী ভৃগুপতি হাজৰিকাও উপস্থিত থাকে। এই প্ৰতীকীটি শৈল্পিক পৰশ দি উপস্থাপন কৰে বিদ্যালয়ৰ শিক্ষকদ্বয় বিশ্বজিৎ দৰৱধৰা আৰু নয়নজ্যোতি বৰাই। ইয়াৰ পিছতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে থলুৱা খেল প্ৰদৰ্শন কৰে ।
নিয়মীয়া বাৰ্তা, চিনামৰা, ১২ জানুৱাৰী :