নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীত বালিভৰ্তি ডাম্পাৰ চলাচল বন্ধৰ দাবী, জিলা আয়ুক্তক স্মাৰক-পত্ৰ

ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বালি খনন কাৰ্যৰ লগতে ডাম্পাৰৰ চলাচল বন্ধৰ দাবীত আজি প্ৰেছ ক্লাব, আছু, আমছুৱে দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ অন্তৰ্গত জাহিৰপুৰ, বৰভিঠা আৰু গুমী অঞ্চলত চৰকাৰী নিয়ম উলংঘা কৰি একাংশ বালি মাফিয়াই ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ নিচেই কাষত জে চি বি আৰু ডাম্পাৰেৰে দিনে-নিশাই অবৈধভাৱে বালি-মাটি খনন আৰু সৰবৰাহ কৰি আহিছে।

এই অনিয়ন্ত্ৰিত খননৰ ফলত বাৰিষা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তীব্ৰ আশংকা বৃদ্ধি পোৱাৰ লগতে ই এণ্ড ডি মথাউৰিলৈ ভাবুকি সৃষ্টি কৰে। জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ অবৈধ বালি খননৰ ফলত যোৱানিশা বৰভিঠা গাঁৱৰ অতিকৈ দৰিদ্ৰ হাছেন আলীৰ বাসগৃহত দ্ৰুতবেগী ডাম্পাৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷ ফলত হাছেন আলীৰ পত্নী আৰু কন্যাৰ শোকাৱহ মৃত্যু হয়৷ ডাম্পাৰৰ চেপাত পৰিয়ালটোৰ আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়৷

গৰৈমাৰী অঞ্চলত অনিয়ন্ত্ৰিতভাৱে চলি থকা ডাম্পাৰ তথা ব্ৰহ্মপুত্ৰৰ বালি খনন বন্ধ কৰাৰ লগতে দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোক চৰকাৰীভাৱে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবীত জি কে এছ প্ৰেছ ক্লাব, পূব ছমৰীয়া আৰু গৰৈমাৰী শাখা ছাত্ৰ সন্থা আৰু গৰৈমাৰী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা পৃথকে গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলাৰ আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ১২ জানুৱাৰী :

You might also like