নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ অসমীয়া যুৱ মঞ্চৰ

ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰে শিৱসাগৰক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আজি আমগুৰিত অসমীয়া যুৱ মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই লৈ সংগঠনটোৰ কৰ্মকৰ্তাসকলে আজি আমগুৰি নগৰৰ মাজমজিয়াত বিতৰ্কিত ৰেজাউল কৰিম, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে।

প্ৰতিবাদকাৰীসকলে বিতৰ্কিত ৰেজাউল কৰিমক শিৱসাগৰ জিলালৈ অহাত ফতোৱা জাৰি কৰাৰ লগতে উক্ত বিতৰ্কিত লোকজন উজনি অসমলৈ আহিলে সংগঠনটোৱে তেওঁক অপদস্থ কৰাৰ ভাবুকি দি ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

নিয়মীয়া বাৰ্তা, আমগুৰি, ১২ জানুৱাৰী :
You might also like