নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল

আজিৰ ৰাশিফল : ১৪ জানুৱাৰী ২০২৬

মেষ

আজিৰ দিনটো ব্যৱসায়ত নিয়োজিত লোকসকলৰ বাবে অতি উত্তম হ’ব। কাম-কাজত ভাল সাফল্য লাভ কৰিব আৰু চাকৰিত কৰ্মৰত লোকসকলৰ পদোন্নতিৰ কথা আগবাঢ়িব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। ৰাজনীতিত জড়িত লোকসকলৰ সহযোগীসকল আপোনাৰ কামত সন্তুষ্ট হৈ প্ৰশংসা কৰিব, যাৰ ফলত জনসমৰ্থন বৃদ্ধি পাব। আপুনি নতুন ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে, যাৰ বাবে পিতৃৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব।

বৃষ

আজিৰ দিনটো আপোনাৰ বাবে সুখময় হ’ব। কোনো কামক লৈ চলি থকা মানসিক চাপ দূৰ হ’ব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। দীঘলীয়া সময় ধৰি আধৰুৱা হৈ থকা কোনো চৰকাৰী কাম সম্পন্ন কৰাৰ চেষ্টা কৰিব। আনৰ বিষয়ত অযথা মন্তব্য কৰা পৰা বিৰত থাকক। ধন আৰু সময় দুয়োটাৰ সদ্ব্যৱহাৰ কৰা অতি প্ৰয়োজনীয়। বিশেষ কাম এটাক লৈ অলপ দৌৰাদৌৰি থাকিব পাৰে।

মিথুন

আজিৰ দিনটো নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকূল। কামত কোনো ধৰণৰ খৰধৰ নকৰিব। মনৰ কোনো ইচ্ছা পূৰণ হোৱাত অত্যন্ত আনন্দিত হ’ব। সন্তানক লৈ বাহিৰলৈ ফুৰিবলৈ যাব পাৰে। জীৱনসংগীয়ে যদি কিবা অনুৰোধ কৰে, তেন্তে সেইটো পূৰণ কৰক। শিক্ষাৰ্থীসকলে অধ্যয়নত মনোযোগ দিব লাগিব। অযথা তৰ্ক-বিতৰ্কত সোমালে সমস্যা বৃদ্ধি পাব।

কৰ্কট

আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সম্পূৰ্ণ সহযোগ লাভ কৰিব। ঘৰ-দুৱাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব দিব। ঘৰলৈ অতিথিৰ আগমন হোৱাত পৰিৱেশ আনন্দময় হ’ব। কোনো আইনী বিষয়ত সমস্যা বৃদ্ধি পাব পাৰে। কামত অসাৱধানতা দেখুৱালে পিছত অসুবিধা ভোগ কৰিব লাগিব। ওচৰ-চুবুৰীয়াৰ সৈতে অতি গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ নকৰিব, নহ’লে অযথা বিবাদ বাঢ়িব পাৰে।

সিংহ

আজিৰ দিনটো আনন্দময় হ’ব। কিছুমান নতুন মানুহৰ সৈতে চিনাকী হ’ব আৰু তেওঁলোকৰ সহায় লাভ কৰিব। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব আৰু পাৰিবাৰিক সম্পৰ্কত ঐক্য বজাই থাকিব। কলা-কৌশলত উন্নতি দেখা যাব। বন্ধু আৰু সহকৰ্মীৰ পূৰ্ণ সহযোগ পাব। কিছুমান নতুন মানুহৰ সৈতে চিনাকীৰ ফলত অযথা বিবাদ হ’ব পাৰে, কিন্তু পুৰণি লেন-দেনৰ সমস্যা সমাধান হ’ব। ঋণ থাকিলে পৰিশোধ কৰাৰ চেষ্টা কৰিব।

কন্যা

আজিৰ দিনটোত কথাবাৰ্তাত সৌম্যতা বজাই ৰাখিব লাগিব। আপোনাৰ মিঠা কথাই লোকৰ মন জয় কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। দীঘলীয়া সময় ধৰি ৰৈ থকা কাম সম্পন্ন কৰাৰ চেষ্টা চলিব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব।

তুলা

আজিৰ দিনটো আৰ্থিক দৃষ্টিকোণৰ পৰা ভাল। সৃজনশীল কামত আগ্ৰহ বৃদ্ধি পাব আৰু আনন্দময় জীৱন যাপন কৰিব। কামত আত্মবিশ্বাস দৃঢ় হ’ব। অভিজ্ঞতাৰ সহায় লাভ কৰিব। অংশীদাৰীত কৰা কাম সফল হ’ব, কিন্তু কাৰোবাক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক, নহ’লে সেই ধন ঘূৰি পোৱাৰ সম্ভাৱনা কম।

বৃশ্চিক

আজিৰ দিনটো আনন্দ-উল্লাসেৰে ভৰা হ’ব। আশে-পাশে থকা লোকসকলৰ মন জয় কৰিব। পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। কোনো চিন্তা থাকিলে সেয়া দূৰ হ’ব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। আনৰ কথাত পৰি কোনো বিপজ্জনক সিদ্ধান্ত নল’ব, নহ’লে পিছত অনুতাপ কৰিব লাগিব। কামক লৈ মানসিক চাপ থাকিব পাৰে।

ধনু

আজিৰ দিনটো মিশ্ৰ ফলদায়ক। পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব। সন্তান আপোনাৰ আশা পূৰণ কৰিব। প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য ধৰা অতি প্ৰয়োজনীয়। বতৰৰ প্ৰভাৱে স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। পৰিশ্ৰম কৰাৰ পাছতো আশা অনুযায়ী ফল নোপোৱাত হতাশা অনুভৱ কৰিব পাৰে। কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভালকৈ ভাবি ল’ব।

মকৰ

আজিৰ দিনটো মোটামুটি হ’ব। বন্ধু-বান্ধৱৰ সৈতে ভাল সময় কটাব আৰু মনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে। পেণ্ডিং হৈ থকা কামত অধিক মনোযোগ দিব লাগিব। মাতৃৰ স্বাস্থ্য অৱনতি ঘটিলে ব্যয় বৃদ্ধি পাব। পৰিয়ালত সম্পত্তিক লৈ বিবাদ হ’ব পাৰে। নিজৰ কামৰ তুলনাত আনৰ কামত অধিক গুৰুত্ব দিলে সমস্যা বৃদ্ধি পাব।

কুম্ভ

আজিৰ দিনটো নতুন চাকৰি লাভৰ সম্ভাৱনা থকা। সন্তানেও আপোনাৰ আশা পূৰণ কৰিব। বচৰ মন জয় কৰিবলৈ সক্ষম হ’ব। সমাজৰ কল্যাণৰ বাবে আগবাঢ়ি আহিব, কিন্তু নিজৰ প্ৰয়োজন পূৰণত যথেষ্ট ব্যয় হ’ব। সৰু ল’ৰা-ছোৱালীয়ে কিবা আবদাৰ কৰিব পাৰে, যি আপুনি পূৰণ কৰিব। বাহিৰলৈ গ’লে বাহনৰ আকস্মিক বিকলতাৰ বাবে ব্যয় বৃদ্ধি পাব পাৰে।

মীন

অযথা খং কৰাৰ পৰা বিৰত থাকক আৰু কথাবাৰ্তাত সংযম বজাই ৰাখক। কোনো গুৰুত্বপূৰ্ণ তথ্য শুনিলে তৎক্ষণাৎ আগবঢ়াই নিদিব। পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। কোনো চৰকাৰী কামে সমস্যা বৃদ্ধি কৰিব পাৰে। সন্তানক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব, নহ’লে সি অসন্তুষ্ট হ’ব পাৰে। কৰ্মক্ষেত্ৰত বচৰ পৰা কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।

You might also like