নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত পুনৰ সংখ্যালঘু হিন্দু যুৱকক নৃশংস হত্যা

নিউজ ডেস্ক, ১৩ জানুৱাৰী : বাংলাদেশৰ দক্ষিণাংশত পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। চট্টগ্ৰাম ডিভিজনৰ ফেনী জিলাৰ দাগনভূঞা এলেকাত দেওবাৰে নিশা অজ্ঞাত দুষ্কৃতিকাৰীয়ে ২৮ বছৰীয়া হিন্দু যুৱক সমীৰ কুমাৰ দাসক প্ৰহাৰ কৰাৰ লগতে ছুৰীৰে আঘাত কৰি হত্যা কৰে। হত্যাৰ পিছত দুষ্কৃতিকাৰীয়ে তেওঁৰ অটোৰিক্সাখনো লুটি নিয়ে বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সমীৰে অটোৰিক্সা লৈ ঘৰৰ পৰা ওলাই গৈছিল। বহু দেৰিলৈকে ঘৰলৈ নহাত পৰিয়ালৰ লোকসকলে তেওঁৰ সন্ধান আৰম্ভ কৰে। পিছত নিশা প্ৰায় ২ বজাত জগতপুৰ গাঁৱৰ এখন পথাৰৰ পৰা স্থানীয় লোকে সমীৰৰ মৃতদেহ উদ্ধাৰ কৰে।

দাগনভূঞা থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, হত্যাকাণ্ডত দেশীয় অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। প্ৰাথমিক তদন্তত এই হত্যাকাণ্ড পূৰ্ব পৰিকল্পিত বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে যদিও এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

উল্লেখযোগ্য যে বাংলাদেশত মাত্ৰ ২৩ দিনৰ ভিতৰত হিন্দু সম্প্ৰদায়ৰ লোকক হত্যাৰ এইটো সপ্তমটো ঘটনা। একেৰাহে সংঘটিত এই ঘটনাসমূহে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ সুৰক্ষা বিষয়ত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

You might also like