নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডৰ শক্তিশালী প্ৰত্যুত্তৰ, দ্বিতীয় এদিনীয়াত ভাৰত হাৰিল

ভাৰত দ্বিতীয় এদিনীয়াত নিউজিলেণ্ডৰ হাতত ৭ উইকেটৰ ব্যৱধানত পৰাজিত হৈছে। ইয়াৰ লগে লগে তিনিখনীয়া এদিনীয়া শৃংখলাত দুয়ো দলে ১-১ সমতা স্থাপন কৰিছে। ডেৰিল মিচেলৰ শতকীয় ইনিংছে সম্পূৰ্ণ ভাৰতীয় দলকেই বিপদত পেলালে। ৰাজকোটত অনুষ্ঠিত এই এদিনীয়া খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ২৮৪ ৰান সংগ্ৰহ কৰিছিল। লক্ষ্য অনুসৰণত কিৱি দলে ৪৮তম অভাৰতেই এই লক্ষ্য অৰ্জন কৰিবলৈ সক্ষম হয়।

এই খেলখনত টছ জিকি ভাৰতীয় দলক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে আৰম্ভণি ভালেই কৰিছিল যদিও ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে। অধিনায়ক শুভমন গিলে ৫৬ ৰানৰ ইনিংছ খেলিলে। শ্ৰেয়াস আয়াৰ এই খেলখনত ব্যৰ্থ হয় যদিও কে এল ৰাহুলে অপৰাজিত ১১২ ৰান সংগ্ৰহ কৰি একেলগেই দলক ২৮৪ ৰানৰ স্ক’ৰলৈ লৈ যায়। এইটো ৰাহুলৰ এদিনীয়া কেৰিয়াৰৰ অষ্টম শতক।

৫০ ৰান পূৰ্বেই নিউজিলেণ্ড দলে দুটা উইকেট হেৰুৱাইছিল। সেই সময়ত ভাৰতীয় দলৰ বাবে ধাৰাবাহিক চাপ সৃষ্টি কৰি কিউই দলৰ উইকেট পতনৰ প্ৰয়োজন আছিল। কিন্তু চাপৰ মাজতেই ডেৰিল মিচেল আৰু উইল ইয়ঙে ১৬২ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলে, যাৰ ফলতেই খেলখনত ডাঙৰ ব্যৱধান সৃষ্টি হয়। উইল ইয়ং ৮৭ ৰান কৰি আউট হয় যদিও ডেৰিল মিচেলে অন্য প্ৰান্ত দৃঢ়ভাৱে ধৰি ৰাখে। তেওঁ ১১৭ টা বলত ১৩১ ৰান সংগ্ৰহ কৰে, য’ত ১১ টা চাৰি আৰু ২টা ছয় অন্তৰ্ভুক্ত।

ভাৰতৰ ফালৰ পৰা বিশেষকৈ কুলদীপ যাদৱ অতি ব্যয়বহুল প্ৰমাণিত হয়। তেওঁ এটা উইকেট ল’বলৈ সক্ষম হ’লেও ১০ অভাৰত ৮২ ৰান খৰচ কৰে। ইয়াৰ উপৰি প্ৰসিদ্ধ কৃষ্ণা আৰু হৰ্ষিত ৰাণাই এটা কৰি উইকেট লাভ কৰে। এতিয়া দুয়ো দলেই এদিনীয়া শৃংখলাত ১-১ সমতাত আছে আৰু শৃংখলা বিজয়ীৰ সিদ্ধান্ত ১৮ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব।

ডিজিটেল ডেস্ক, ১৫ জানুৱাৰী

You might also like