নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰপ্পা-মহেঞ্জোদাৰোতকৈ প্রাচীন সভ্যতাৰ সন্ধান লাভ, ক’ত উদ্ধাৰ প্রস্তৰ যুগৰ সমল…

নিউজ ডেস্ক, ১৬ জানুৱাৰী : ১০ হাজাৰ বছৰ পুৰণি সভ্যতাৰ সন্ধান লাভ কৰা হৈছে ওড়িশাত৷ সম্বলপুৰৰ ভীম মণ্ডলী পার্বত্য এলেকাত আৰম্ভ হৈছে অনুসন্ধান৷ প্রত্নতত্ত্ববিদসকলৰ ধাৰণা যে যিটো সভ্যতাৰ সন্ধান পোৱা গৈছে সেয়া প্রস্তৰ যুগৰ৷ যদিহে সঁচাকৈয়ে সেয়া সত্য হয় তেনেহ’লে সেয়া হ’ব মহেঞ্জোদাৰো আৰু হৰপ্পাতকৈ প্রাচীন সভ্যতা৷ নিঃসন্দেহে এই উদ্ধাৰকার্যই আমাৰ দেশৰ প্রাচীন সভ্যতাৰ ইতিহাসক এক নতুন মাত্রা প্রদান কৰিব৷

জানিব পৰা মতে সম্প্রতি সম্বলপুৰ জিলাৰ ৰেডাখোলৰ এই এলেকাটোত খননকার্য আৰম্ভ কৰিছে আর্কিঅ’লোজীকেল ছার্ভে অৱ ইণ্ডিয়াই৷ আচলতে পাহাৰৰ গাত খোদাই কৰা প্রাগঐতিহাসিক চিত্র, দৈনন্দিন ব্যৱহার্য সা–সৰঞ্জাম, পাত্থৰৰ অস্ত্রৰ সন্ধান পায়েই এনে এক সিদ্ধান্ত লৈয়ে আহিছে প্রত্নতত্ত্ব বিভাগ৷ এএছআই ছুপাৰিণ্টেণ্ডিং আর্কিঅ’লোজষ্টি ডিবি গডনায়কে জনায় যে এই খননকার্য মুঠেও সহজ নহয়৷ কিয়নো সম্পূর্ণ বিষয়টিয়ে সংবেদনশীল৷ কিন্তু খৰখেদা কৰিবলৈ গৈ প্রমাণ নষ্ট কৰিবলৈ ৰাজী নহয় প্রত্নতত্ত্ববিদসকল৷

You might also like