নিউজ ডেস্ক, ১৭ জানুৱাৰী : ভাৰতীয় ৰে’লৱেৰ ইয়াৰ সম্পূর্ণ নেটৱর্কত ‘বন্দে ভাৰত’ ৰে’ল সেৱাৰ ব্যাপক সম্প্রসাৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছে৷ দেশত প্রথমবাৰৰ বাবে থলুৱাভাৱে ডিজাইন আৰু নির্মাণ কৰা ছেমি–হাইস্পীড ৰে’ল হিচাপে ইয়াক দেশখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন কৰিবলৈ বিকশাই তোলা হৈছে আৰু ইয়াৰ জৰিয়তে দেশৰ বিভিন্ন মহানগৰৰ মাজত ভ্রমণৰ সময় সংকুচিত কৰিবলৈ বিচৰা হৈছে৷
সম্প্রতি ১৬৪খন ‘বন্দে ভাৰত’ ৰে’ল দেশখনত চলি আছে৷ ভাৰতীয় ৰে’লৱেই ২০৩০ চনৰ ভিতৰত বন্দে ভাৰত ৰে’লৰ সংখ্যা ৮০০লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে৷ লগতে ২০৪৭ চনৰ ভিতৰত এই সংখ্যা বৃদ্ধি কৰি ৪,৫০০ কৰাৰো পৰিকল্পনা যুগুত কৰিছে ৰে’ল বিভাগে৷ ৰে’ল মন্ত্রণালয়ৰ ভাষাত বন্দে ভাৰত হ’ল আগন্তুক দশকসমূহত ভাৰতীয় যাত্রীবাহী ৰে’লৰ আধুনিকীকৰণৰ মূল স্তম্ভ৷ ২০৪৭ চনলৈকে বন্দে ভাৰত ৰে’লৰ সংখ্যা প্রায় ৪,৫০০খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে৷
ইয়াৰ লগতে আছে ভাৰতৰ দীর্ঘকালীন উন্নয়নৰ লক্ষ্য৷ মাধ্যমিক পর্যায়ত ২০৩০ চনৰ ভিতৰত প্রায় ৮০০খন বন্দে ভাৰত ৰে’লেৰে ইয়াৰ সেৱা উন্নীতকৰণত গুৰুত্ব দিবলৈ বিচৰা হৈছে৷ এই প্রয়াস হ’ব আন্তঃগাঁথনি সাজু হৈ উঠা আৰু নির্মাণ দক্ষতাৰ ওপৰত ভিত্তি কৰি৷ উল্লেখ্য যে ২০২৫ বর্ষৰ ডিচেম্বৰৰ পৰা বন্দে ভাৰত ৰে’লত বিশেষ সেৱা প্রৱর্তন কৰা হৈছে৷