WPL-ত আৰচিবিৰ জয়ৰ হেট্ৰিক, শ্ৰেয়াংকাৰ স্পিনভেল্কীত দিশহাৰা গুজৰাট
অমেন প্ৰিমিয়াৰ লীগ ২০২৬ত (WPL) ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় ৰথ অব্যাহত আছে। একেৰাহে দুখন মেচত বিজয়ী হোৱাৰ পাছত আৰচিবিয়ে গুজৰাট জায়েন্টছকো পৰাস্ত কৰি জয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰে। ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত এই মেচখনত বেংগালুৰু দলটোৱে সকলো বিভাগতেই উৎকৃষ্ট প্ৰদৰ্শন কৰি ৩২ ৰানৰ ব্যৱধানত জয় সাব্যস্ত কৰে।
আৰচিবিৰ দৃঢ় প্ৰত্যাৱৰ্তন
টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা আৰচিবিয়ে দ্ৰুত আৰম্ভণি কৰে। প্ৰথম অভাৰতেই দলটোৱে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰিছিল যদিও তাৰ পিছতেই গুজৰাটৰ বলাৰসকলে দ্ৰুতভাৱে প্ৰতিউত্তৰ দি একেৰাহে উইকেট দখল কৰে। এটা সময়ত আৰচিবিয়ে মাত্ৰ ৪৩ ৰানতে নিজৰ চাৰিটা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই পেলায়, যাৰ ফলত দলটো চাপত পৰে।
ৰাধা-ৰিচাৰ সাৱলীল যুটি
মধ্য ক্ৰমত ৰাধা যাদৱ আৰু ৰিচা ঘোষে ইনিংছটো সামৰি লৈ গুজৰাটৰ বলাৰসকলৰ ওপৰত চাপ সৃষ্টি কৰে। দুয়োৰে মাজত গঢ় লৈ উঠা শতকীয় ৰানৰ যুটিয়ে মেচখনৰ দিশ সলনি কৰি দিয়ে। ৰিচা ঘোষে (২৮ বলত ৪৪ ৰান) দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়, আনহাতে ৰাধা যাদৱে (৪৭ বলত ৬৬ ৰান) দায়িত্বশীল ইনিংছ খেলি চমৎকাৰ অৰ্ধশতক অৰ্জন কৰে। তলৰ ক্ৰমত নাদিন ডি ক্লাৰ্কৰ উপযোগী ৰানৰ সহায়ত আৰচিবিয়ে ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৮২ ৰানৰ শক্তিশালী স্ক’ৰ গঢ়ে।
গুজৰাটৰ দুৰ্বল ইনিংছ
১৮৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি পৰা গুজৰাট জায়েন্টছৰ আৰম্ভণি মোটামুটি আছিল যদিও অলপ সময়ৰ ভিতৰতে উইকেট পতনৰ ধাৰা আৰম্ভ হয়। অধিনায়িকা বেথ মুনীয়ে ২৭ ৰান কৰি দলটোক ভাল আৰম্ভণি দিয়াৰ চেষ্টা কৰে যদিও দলটোৱে ৪৬ ৰানৰ ভিতৰতেই তিনিগৰাকী বেটাৰ হেৰুৱাই পেলায়।
মধ্য ক্ৰমতো গুজৰাটৰ ইনিংছটো দিশহীন হৈ পৰে। কনিকা আহুজা আউট হোৱাৰ পিছতেই ১১তম অভাৰত জৰ্জিয়া ৱাৰেহেমৰ উইকেট পতন হয় আৰু স্ক’ৰ পাঁচ উইকেটত ৭০ ৰানতে সীমাবদ্ধ হয়। ইয়াৰ পিছত ভাৰতী ফুলমালীয়ে কাশৱী গৌতমৰ সৈতে মিলি ইনিংছটো আগবঢ়াবলৈ চেষ্টা কৰে। ভাৰতীয়ে ৩৯ ৰানৰ যুঁজাৰু ইনিংছ খেলি দলটোৰ সৰ্বাধিক ৰান সংগ্ৰাহক হয়, আনহাতে কাশৱীয়ে ১৮ ৰানৰ অৱদান আগবঢ়ায়।
কিন্তু ১৭তম অভাৰত ল’ৰেন বেলে ভাৰতীক পেভিলিয়নলৈ উভতাই পঠিয়াত গুজৰাটৰ শেষ আশাো ভাঙি পৰে। তাৰ পিছত একেৰাহে উইকেট পতন হোৱাত দলটো চাপৰ পৰা উভতি আহিব নোৱাৰিলে। তনুজা কাৱৰে ২১ ৰান কৰি অলপ প্ৰতিদ্বন্দ্বিতা দেখুৱালেও দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে।
শ্ৰেয়াংকাৰ পাঁচ উইকেট
লক্ষ্য অনুসৰণত নামি পৰা গুজৰাট জায়েন্টছৰ দলটো আৰচিবিৰ শৃংখলাবদ্ধ আৰু আক্ৰমণাত্মক বলিঙৰ সন্মুখত সম্পূৰ্ণৰূপে ভাঙি পৰে। এই মেচখনত শ্ৰেয়াংকা পাটিলে এনে এক প্ৰদৰ্শন দেখুৱায়, যিয়ে মেচখনৰ গতি সম্পূৰ্ণ সলনি কৰি দিয়ে। মাত্ৰ ৩.৫ অভাৰত ২৩ ৰান ব্যয় কৰি তেওঁ ৫টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে আৰু এই ছিজনৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বলিং স্পেল নিজৰ নামত লয়।
ইংলেণ্ডৰ দ্ৰুত বলাৰ ল’ৰেন বেলে শ্ৰেয়াংকাক সুন্দৰ সহযোগ আগবঢ়ায়। বেলে নিজৰ ৪ অভাৰৰ স্পেলত ২৯ ৰান দি ৩টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। ফলস্বৰূপে গুজৰাটৰ সমগ্ৰ দলটো ১৫০ ৰানতে অল আউট হয় আৰু আৰচিবিয়ে মেচখন ৩২ ৰানৰ ব্যৱধানত জয় সাব্যস্ত কৰে।
ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী