নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তোষ ট্ৰফীৰ অসম দলত নাজিৰা মহাবিদ্যালয়ৰ সাত খেলুৱৈ

ভাৰতৰ আটাইতকৈ সন্মানজনক অপেছাদাৰী ফুটবল প্ৰতিযোগিতাখন অহা ২১ জানুৱাৰীৰ পৰা ঢকুৱাখনা আৰু চিলাপথাৰত অনুষ্ঠিত হ’ব৷ ৭৯ সংখ্যক এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলত পশ্চিমবংগ, ৰাজস্থান, তামিলনাডু, নাগালেণ্ড, উত্তৰাখণ্ড, পঞ্জাব, কেৰেলা, ওড়িশা, মেঘালয়, চাৰ্ভিচেচ, ৰেলৱে আৰু অসমে অংশগ্ৰহণ কৰিব৷

উল্লেখযোগ্য যে ভাৰতৰ সকলোবোৰ প্ৰদেশৰ ফুটবল দলৰ মাজত অনুষ্ঠিত প্ৰাৰম্ভিক পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ীৰ মুকুট পৰিধানেৰে এইকেইটা দলে সন্তোষ ট্ৰফীৰ মূূল পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা আহৰণ কৰে৷

এই সন্মানজনক প্ৰতিযোগিতাত অসমে এতিয়ালৈকে ফাইনেল খেলাৰ সৌভাগ্য হোৱা নাই৷ এইবাৰ ঘৰুৱা খেলপথাৰত অসম দলে বিজয়ীৰ খিতাপ দখল কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তোলাৰ আশা ফুটবল অনুৰাগীসকলৰ৷

এইবাৰ নাজিৰা মহাবিদ্যালয়ৰ সাতজনকৈ ছাত্ৰই অসম দলত স্থান লাভ কৰি নাজিৰা, শিৱসাগৰ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ খেলুৱৈসকল প্ৰজ্ঞান সুন্দৰ গগৈ, প্ৰাঞ্জল ভূমিজ, সুভম চেত্ৰী, অম্বৰ চেত্ৰী, ময়ুখ গগৈ, অনুপম বৰগোহাঁই আৰু ঋষিৰাজ বৰুৱা৷ নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু ফুকনে ছাত্ৰসকলৰ লগতে অসম দলটোক ইতিহাস ৰচনা কৰিবৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷

 নিয়মীয়া বাৰ্তা, গেলেকী, ১৯ জানুৱাৰী :
You might also like