ছন্দময় বাগুৰুমবাৰ বার্তা
ছন্দময় বাগুৰুমবা নৃত্যত মুখৰ হ’ল অসম৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ সন্ধিয়া গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত ১০ সহস্রাধিক শিল্পীয়ে পৰিৱেশন কৰা বর্ণময় বাগুৰুমবা নৃত্যই আলোড়িত কৰি তোলে অসমবাসীক৷ অসমৰ ভূমিপুত্র বড়োসকলৰ লোকসংস্কৃতিৰ অন্যতম অংশ বাগুৰুমবা নৃত্যৰ এনে অভিজাত অনুষ্ঠানে নিশ্চিতভাৱে অসমৰ চহা সংস্কৃতিক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰোৱাৰ ক্ষেত্রত সহায়ক হ’ব৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে অসমীয়াৰ জাতীয় সংস্কৃতি বিহুক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছিল৷ প্রধানমন্ত্রী মোদীৰ উপস্থিতিতেই বিহুনৃত্যই বিশ্বাভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ পৰৱর্তী সময়ত চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ ঝুমুৰৰ প্রসাৰৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হৈছিল ঝুমইৰ বিনন্দিনী অনুষ্ঠান৷ ঝুমইৰ নৃত্যৰ এনে অনুষ্ঠানে দেশজুৰি বিশেষ চর্চা লাভ কৰিছে৷ বিহু আৰু ঝুমইৰৰ পিছত বাগুৰুমবা নৃত্যৰ এনে আড়ম্বৰপূর্ণ অনুষ্ঠানে মাথোঁ বড়ো জনগোষ্ঠীৰ ঐতিহ্যপূর্ণ সংস্কৃতিক জাগ্রত কৰাই নহয়, অসমত বৈচিত্র্যময় সংস্কৃতিক সমৃদ্ধ কৰাৰ বার্তা বহন কৰিছে৷
অসমৰ ভূমিপুত্র বড়োসকলে স্বাধিকাৰ প্রতিষ্ঠাৰ দাবীত দীর্ঘকাল সংগ্রাম চলাই আহিছে৷ গণতান্দ্রিক আৰু সশস্ত্র সংগ্রামৰ এনে ধাৰাই আশীৰ দশকৰ শেষার্ধৰ পৰা ব্রহ্মপুত্র উপত্যকাৰ বিস্তীর্ণ অঞ্চল অস্থিৰ কৰি তুলিছিল৷ ৯০ৰ দশকৰ পৰা তিনিখন শান্তি চুক্তি স্বাক্ষৰৰ পিছত ক্রমাগতভাৱে বড়োসকলে স্বাধিকাৰ লাভ কৰিছে৷ ইয়াৰ লগে লগে বড়োভূমিত বিকাশ আৰু শান্তিৰ বাতাৱৰণৰ সৃষ্টি হৈছে৷ দীর্ঘকালীন সংগ্রামৰ সময়ছোৱাত উদ্ভৱ হোৱা বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সংঘাতৰো অৱসান হৈছে৷ এনে পৰিস্থিতিত সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত বাগুৰুমবা নৃত্যৰ বিশাল আয়োজনে নিশ্চিতভাৱে অসমৰ চহকী সংস্কৃতিৰ সংহতিৰ বার্তা বহন কৰিছে৷
লক্ষণীয় এয়ে যে বাগুৰুমবা নৃত্যক লৈ বড়ো জনগোষ্ঠীৰ লোকসকলৰ সমানেই ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলৰ মাজতো উছাহ পৰিলক্ষিত হৈছে৷ খিলঞ্জীয়া লোকসকলৰ কলা–সংস্কৃতিৰ সুৰক্ষা আৰু ৰাষ্ট্রীয় পর্যায়ত ইয়াৰ প্রসাৰ ঘটাবলৈ হ’লে নিশ্চিতভাৱে চৰকাৰে ইতিবাচক ভূমিকা গ্রহণ কৰিবই লাগিব৷ বিহু, ঝুমইৰ, বাগুৰুমবা আদি অসমৰ সংস্কৃতিৰ অমূল্য সম্পদ যদিও ইয়াৰ সম্প্রচাৰৰ ক্ষেত্রত এনে বিশাল আয়োজন পূর্বৰ কোনো চৰকাৰে কৰা নাছিল৷ দেশৰ প্রধানমন্ত্রীগৰাকীৰ উপস্থিতিত বিহুৰ পিছত বাগুৰুমবা নৃত্যই গঢ়া অভিলেখে অসমৰ সমৃদ্ধ সংস্কৃতি ৰাষ্ট্রীয় পর্যায়ত প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ব৷
সংস্কৃতিয়ে আমাৰ সমাজখন ঐক্যবদ্ধ কৰে৷ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত বাগুৰুমবা নৃত্যৰ অভিলেখকাৰী বর্ণময় অনুষ্ঠানৰ পিছত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ দায়িত্ব বৃদ্ধি হৈছে৷ বড়ো লোকসকলৰ মাজত দশক দশক ধৰি বাগুৰুমবা নৃত্য পৰিৱেশন হৈ আহিছে৷ বড়ো অধ্যুষিত অঞ্চলৰ বিভিন্ন অনুষ্ঠানত বাগুৰুমবা নৃত্যৰ বিশেষ সমাদৰ আছে৷ কিন্তু ৰাজ্যখনৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত বাগুৰুমবা নৃত্যই এতিয়াও গুৰুত্ব লাভ কৰা নাই৷ আমাৰ বিভিন্ন জাতি–জনগোষ্ঠীসমূহৰ নিজস্ব সংস্কৃতি আৰু লোককৃষ্টি আছে৷ এই চহকী কৃষ্টি-সংস্কৃতিৰ আধাৰতে সমৃদ্ধ হৈছে অসমৰ সংস্কৃতিৰ ভঁৰাল৷
এতিয়া সময় সলনি হৈছে৷ আমাৰ বর্ণিল সংস্কৃতিৰ ঐক্যতান গঢ়াৰ সময়৷ এইক্ষেত্রত প্রতিটো জনগোষ্ঠীৰ ঝুমইৰ, বাগুৰুমবা নৃত্যৰ লেখীয়া চহকী সংস্কৃতিসমূহ সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহিব লাগিব৷ বৈচিত্র্যময় সংস্কৃতিৰ সুৰক্ষা নিশ্চিত হ’ব ইয়াৰ সঠিক প্রয়োগৰ জৰিয়তেহে৷ বিহু, ঝুমইৰ, বাগুৰুমবা নৃত্যৰ লেখীয়া ৰাজ্যখনৰ লোকসংস্কৃতিৰ প্রসাৰ আৰু প্রচাৰৰ ক্ষেত্রতো চৰকাৰ আৰু খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ যথেষ্ট কৰণীয় আছে৷ অসমীয়া সংস্কৃতিক মহীয়ান কৰা মহাপুৰুষজনাৰ বৰগীতকে ধৰি লোকগীত, দিহানাম, ওজাপালি, সুকনান্নী, ঢুলীয়া, পুতলা নাচ আদিক উজ্জীৱিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰা উচিত৷
পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ চহকী সংস্কৃতিক গ্রাস কৰা বুলি আওৰাই থাকিলে আমাৰ সংস্কৃতি ৰক্ষা নহয়৷ নতুন প্রজন্মৰ মাজত আমাৰ পৰম্পৰাগত সংস্কৃতিক জাগ্রত কৰাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিলে আমাৰ পৰম্পৰাগত খেলসমূহৰ লেখীয়া জাতীয় সংস্কৃতিৰ অমূল্য সমলসমূহো হেৰাই যাব৷ ৰাজ্যখনৰ প্রতিটো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ নিজস্ব কলা-সংস্কৃতিক জাগ্রত কৰাৰ সামূহিক দায়িত্ব আমি সকলোৱে ঐকান্তিকতাৰে গ্রহণ কৰিব লাগিব৷
অসমৰ বৈচিত্র্যময় সংস্কৃতিৰ ভঁৰালক জাগ্রত কৰিবলৈ প্রতিজন খিলঞ্জীয়াই উদাৰতাও দেখুৱাব লাগিব৷ সাংস্কৃতিক বিনিময়ে অসমৰ খিলঞ্জীয়া লোকসকলৰ মাজত একতাৰ বান্ধোনেহে আমাক শক্তিশালী কৰিব৷ বাগুৰুমবা নৃত্যৰ প্রসাৰ ঘটাবলৈ এতিয়া বিশেষ প্রশিক্ষণ অথবা শিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবেও বড়ো লোকসংস্কৃতিৰ গুৰিব’ঠা ধৰা লোকসকল আগবাঢ়ি অহা উচিত৷ বাগুৰুমবা নৃত্যৰ প্রচাৰ আৰু প্রসাৰৰ এক অনুকূল বাতাৱৰণ সৃষ্টি হোৱাৰ সময়তে এনে পদক্ষেপ গঢ়ি উঠিলে খিলঞ্জীয়া লোকসকলৰ মাজত অসমৰ ঐতিহ্যপূর্ণ নৃত্যই বিশেষ সমাদৰ লাভ কৰিব৷