নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশ ক্রিকেট ব’ৰ্ডক চূড়ান্ত সময়সীমা বান্ধি দিলে আইচিচিয়ে

নিউজ ডেস্ক, ২০ জানুৱাৰী : ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্রহণ সন্দর্ভত চূড়ান্ত সময়সীমা নির্ধাৰণ কৰিছে আইচিচিয়ে৷ বুধবাৰৰ ভিতৰত টি–২০ বিশ্বকাপত বাংলাদেশৰ অংশগ্রহণ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাংলাদেশ ক্রিকেট ব’ৰ্ডক নির্দেশ দিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷

শনিবাৰে বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত আইচিচিয়ে তেওঁলোকক দিয়া এই সময়সীমাৰ বিষয়ে অৱগত কৰে৷ সংবাদ প্রতিষ্ঠানৰ সূত্র অনুসৰি, শনিবাৰে এখন বৈঠকত বাংলাদেশ ক্রিকেট ব’র্ডে পুনৰ উল্লেখ কৰে যে তেওঁলোকে ৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত খেলিবলৈ ইচ্ছুক৷ কিন্তু কোনো কাৰণতে ভাৰতলৈ নাহে বুলি মন্তব্য কৰে৷

বিচিবিয়ে পুনৰবাৰ শ্রীলংকাক বিকল্প স্থান হিচাপে বিবেচনা কৰিবলৈ আইচিচিক অৱগত কৰে৷ কিন্তু বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে স্পষ্ট কৰি দিছে যে সূচী সলনি কৰাৰ কোনো সম্ভাৱনা নাই৷ যদি বাংলাদেশে তেওঁলোকৰ দাবীত অটল থাকে আৰু বিশ্বকাপ খেলিবলৈ নাহে তেন্তে আইচিচিয়ে বাংলাদেশৰ স্থানত ৰেংকিঙৰ ভিত্তিত দলৰ নাম ঘোষণা কৰিব, যিটো স্কটলেণ্ড হোৱাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে শনিবাৰে বিয়লি ঢাকাত আইচিচিৰ দুই শীর্ষ বিষয়াই বিচিবিৰ বিষয়াক সাক্ষাৎ কৰে৷ বাংলাদেশ ক্রিকেট ব’র্ডে আইচিচিৰ শীর্ষ বিষয়া দুগৰাকীক জনাইছে যে ব’র্ডে নিৰাপত্তা সন্দর্ভত দেখুওৱা কাৰণসমূহক লৈ চিন্তিত৷ সেইবাবে বাংলাদেশ দলটোক ভাৰতলৈ পঠোৱাটো সম্ভৱ নহয়৷ তেনেক্ষেত্রত আইচিচিয়ে বিকল্প হিচাপে তেওঁলোকক আন এটা গ্রুপত খেলাৰ কথা বিবেচনা কৰা উচিত৷ যদিও তেনেকুৱা হয় তেন্তে সময়সূচী বিশেষ সলনি কৰাৰ প্রয়োজন নাথাকিব৷

বাংলাদেশৰ এই বিকল্প প্রস্তাৱ সন্দর্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো সঁহাৰি দিয়া নাই আইচিচিয়ে৷ খবৰ অনুসৰি আইচিচিয়ে বাংলাদেশে গ্রুপ সলনি কৰাৰ প্রস্তাৱৰ সৈতে বিশেষভাৱে একমত নহয়৷ যদি বাংলাদেশে ভাৰতলৈ নাহি বিশ্বকাপ খেলাৰ সিদ্ধান্তৰ ওপৰত জোৰ দিয়ে তেন্তে বাংলাদেশৰ সলনি বিকল্প দেশ বাছি লোৱা হ’ব পাৰে৷ আইচিচিৰ ৰেংকিং অনুসৰি সেই ক্ষেত্রত স্কটলেণ্ড প্রথম স্থানত আছে৷ গতিকে বাংলাদেশে প্রতিযোগিতাখনৰ বাবে তেওঁলোকে ভাৰত ভ্রমণ কৰিব নে নকৰে সেই সন্দর্ভত দুদিনৰ ভিতৰত সিদ্ধান্ত ল’ব লাগিব৷

You might also like