নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰু-ছৈখোৱাত দুষ্প্ৰাপ্য ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি

পৰ্যটকৰ আকৰ্ষণৰ স্থলি হিচাপে বিবেচিত হোৱা অসমৰ বিভিন্ন পৰ্যটনস্থলি তথা অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান সমূহৰ ভিতৰত অন্যতম হৈছে উজনি অসমৰ তিনিচুকীয়া জিলাস্থিত বন্যপ্ৰাণীৰ এক গুৰুত্বপূৰ্ণ আৱাসস্থল “ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান”। আৰু এই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতে অতি শেষতীয়াকৈ দুস্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি ধৰা পৰাৰ খবৰে আশাৰ ৰঙনী কঢ়িয়াই আহিছে প্ৰকৃতি প্ৰেমী ৰাইজৰ মাজত।

উল্লেখ্য যে মহাবাহু ব্ৰক্ষ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ প্লাৱন সমভূমিত অৱস্থিত ডিব্ৰু আৰু ছৈখোৱা দুখন সংৰক্ষিত বনাঞ্চল আছিল। জানিব পৰা মতে, বৃটিছৰ শাসন কালত চিকাৰ কৰাৰ উদ্দেশ্যে ১৮৯০ চনত ডিব্ৰু বনাঞ্চলক আৰু ১৯২৯ চনত ছৈখোৱা বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল বৃটিছ চৰকাৰে। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত উক্ত সংৰক্ষিত বনাঞ্চল দুখনত পশু পক্ষীৰ নিধন যজ্ঞ বন্ধ কৰাৰ স্বাৰ্থত সচতেন ভাৰতীয় তথা অসমীয়া প্ৰকৃতি প্ৰেমী জনগনৰ প্ৰৱল দাবীত চৰকাৰে ডিব্ৰু আৰু ছৈখোৱা বনাঞ্চলক একত্ৰিত কৰি ১৯৮৬ চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰে।

পৰৱৰ্তী সময়ত ১৯৯৭ চনত এই ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক বায়’স্ফিয়েৰ ৰিজাৰ্ভ আৰু শেষত ১৯৯৯ চনত ৩৪০ বৰ্গ কিলোমিটাৰৰ এই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰা হয়। চৰকাৰী ভাবে নামকৰণ কৰা হল — “ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান”। মূলতঃ ডিব্ৰু নৈ’ৰ পাৰত আৰু ছৈখোৱা ঘাটৰ সমিপত অৱস্থিত বাবেই “ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান”।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰ বৈচিত্ৰ্যতাৰ বাবে ইয়াত বহুবিধ বন্য প্ৰাণীৰ বাস। হাতীৰ দৰে অতিকৈ অতিকায় স্তন্যপায়ী বন্য প্ৰাণীৰ পৰা আৰম্ভ কৰি বাঘ, হৰিণৰ লগতে সৰু কেৰ্কেটুৱা জাতীয় প্ৰাণীও এই ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ। বিভিন্ন প্ৰজাতিৰ চৰাই, সৰীসৃপৰ লগতে উভচৰ প্ৰাণীও এই ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৭ টা প্ৰজাতিৰ বাঘ (ঢেকিয়াপতীয়া, নাহৰফুটুকী, লতা মাকুৰী, গুধাফুটুকী, মাছুৱৈ মেকুৰী, বন বুণ্ডা, গেলানী মাকুৰী), ৬ টা প্ৰজাতিৰ বান্দৰ (অসমীয়া মলুৱা, মলুৱা, গাহৰি নেজীয়া, হলৌ, টুপী পিন্ধা বান্দৰ আৰু লাজুকী বান্দৰ)ৰ ওপৰিও ৰাজ্যিক পক্ষী দেওহাঁহ, হৰিণ, বনৰীয়া গাহৰি, বনৰীয়া মহৰ লগতে বিশ্ব বিখ্যাত বন ঘৰচীয়া ঘোৰাৰ বিচৰণ স্থলী এই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান>

কিন্তু মাজতে কিছুবছৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা প্ৰায় লুপ্ত হৈ যোৱাৰ উপক্ৰম হৈছিল। বিশেষকৈ বানপানীৰ সমস্যা আৰু খাদ্যৰ অভাৱত বাঘৰ সংখ্যা ৰাষ্ট্ৰীয় উদ্যানখনত কমি যোৱা বুলি ধাৰণা কৰা হৈছিল যদিওঁ অতি শেষতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিৰত অতি দুস্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি ধৰাৰ পৰাৰ বিষয়ে জানিব পৰা গৈছে।

বন বিভাগে অতি শেষতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বাঘৰ সমিক্ষা চলাবলৈ স্থাপন কৰা কেমেৰাত “ঢেকীয়াপতীয়া বাঘ”ৰ চবি বন্দী হোৱাৰ কথা জানিব পৰি এতিয়া প্ৰকৃতি প্ৰেমী ৰাইজৰ মাজত আশা সঞ্চাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, অতি দুস্প্ৰাপ্য বুলি বিবেচিত এই ঢেকীয়াপতীয়া বাঘ হৈছে বাঘৰ এক সুকীয়া উপপ্ৰজাতি, যাক “Royal Bengal Tiger” বুলিও কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নামে “Panthera tigris tigris” । ইয়াক মূলতঃ ভাৰত, বাংলাদেশ, নেপাল আৰু ভূটানৰ বনাঞ্চলত পোৱা যায়। এই বাঘৰ গাত হালধীয়া বা পাতল কমলা বৰণ থাকে, য’ত গাঢ় মুগা বা কালা আঁচ দেখা যায়। মতা ঢেঁকীয়াপতীয়া বাঘৰ গড় ওজন প্ৰায় ২২১ কিলোগ্ৰাম আৰু মাইকীৰ ১৩৯ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে।

হিমালয়ৰ পাদদেশৰ বনাঞ্চল যেনে ৰাজাজী-কৰবেট, চিটৱান-পাৰ্সা আৰু ভাৰতৰ মানাহ, নামদফা, কাজিৰঙা, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে স্থানত এই ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি দেখা যায়। শেষতী তথ্য অনুসৰি অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে অতি শেষতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতো এই ঢেকীয়াপতীয়া বাঘৰ সন্ধান লাভ কৰাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে ৰাজ্যৰ বন বিভাগৰ লগতে প্ৰকৃতি প্ৰেমী ৰাইজক।

ৰাজ্যৰ বিশিষ্ট পৰিবেশ কৰ্মী জয়নাল আবেদিনেও ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ সন্ধান লাভৰ সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰি কয় যে, “দীৰ্ঘ বিৰতিৰ অন্তত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ সন্ধান লাভে ৰাষ্ট্ৰীয় উদ্যান খনৰ সৌস্তভ বৃদ্ধি কৰিব”। অতি দূস্প্ৰাপ্য এই প্ৰজাতিৰ বাঘে ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰৰ ভৰাল চহকী কৰি তুলাৰ সমান্তৰালভাৱে পৰ্যটনৰ দিশতো ৰাষ্ট্ৰীয় উদ্যানত খনক এখোজ আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, ছৈখোৱা ২১ জানুৱাৰী

You might also like