নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত বিদ্যুৎস্পৃষ্ট হৈ দৰাসহ ৩জনৰ প্ৰাণহানি, ২জন আহত

শনিবাৰে নিশা চিৰাং জিলাৰ আমটেকা ১নং এলেংমাৰী গাঁৱত বিদ্যুৎ প্ৰৱাহিত হৈ তিনিজন লোকৰ মৃত্যু হয়। একে সময়তে উক্ত ঘটনাত অন্য দুজন লোক আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

ঘটনাৰ দিনা নিশা ১০.৩০ মান বজাত গাঁওখনত হঠাতে উচ্চ বিদ্যুৎ প্ৰবাহিত হয় আৰু বিদ্যুৎস্পৃষ্ট হৈ লোক তিনিজনে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়াত পৰে। মৃত তিনিজন ক্ৰমে দৈমালু নাৰ্জাৰী, বিজয় মুছাহাৰী আৰু মাইকেল বসুমতাৰী বুলি জানিব পৰা গৈছে।

মাইকেল বসুমতাৰীৰ কালি দিনৰ ভাগত বিবাহ কাৰ্য সম্পন্ন হৈছিল। নিশাৰ ভাগত যুগ্মজীৱনৰ পাতনি মেলা দৰাই ন কইনা আৰু পৰিয়াল-পৰিজনক ইহসংসাৰত এৰি জীৱন নাটৰ আকস্মিক যৱনিকা পেলোৱা কৰুণ ঘটনাই গাঁওখনৰ লগতে চিৰাং জিলাত গভীৰ শোকৰ ছাঁ পেলায়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, উচ্চ বিদ্যুৎ প্ৰবাহিত (এইচ টি) তাঁৰ ছিঙি নিম্ন বিদ্যুৎ প্ৰবাহিত (এল টি) তাঁৰত পৰাৰ পিছতেই এই শোকাৱহ অঘটনটো সংঘটিত হয়। বিয়াঘৰৰ লগতে গাঁওখনৰ অন্য ঠাইতো উচ্চ বিদ্যুৎ প্ৰবাহিত হোৱা বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২৫ জানুৱাৰী :

You might also like