নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীৰ বৰগাং চাহ বাগিচাত ‘এটি কলি দুটি পাত’ আঁচনিৰ শুভ উদ্বোধন

অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ “এটি কলি দুটি পাত” শীৰ্ষক আঁচনিৰ আজি ডুমডুমাত শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । বিহালী সমষ্টিৰ বৰগাং  চাহ বাগিচাতো এই আঁচনিৰ চেক বিতৰণৰ শুভ উদ্বোধন কৰি এখনি সভা অনুষ্ঠিত কৰে ।

সভাত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া, বিধায়ক দিগন্ত ঘাটোৱাল, সমজিলা আয়ুক্ত প্ৰভাত পেগু, সহকাৰী আয়ুক্ত দীপ্তিৰেখা হাজৰিকাৰ লগতে চাহ বাগিচাৰ পৰিচালক, অঞ্চলৰ ৰাইজ উপস্থিত থাকে । এই আঁচনিৰ অধীনত বৰগাং চাহ বাগিচাত আজি  মুঠ ৩২৯৭গৰাকী চাহ শ্ৰমিকক ৫ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয় ।

নিয়মীয়া বাৰ্তা, বেদেতী, ২৪ জানুৱাৰী :
You might also like