নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৬ বৰ্ষৰ পদ্মশ্রী সন্মান

ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : ২০২৬ বৰ্ষৰ পদ্ম বঁটা ঘোষণা কৰা হ’ল। অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছে ২০২৬ বৰ্ষৰ পদ্মশ্রী সন্মান। ইয়াৰ ভিতৰত সুকণ্ঠী গায়িকা পখিলা লেকথেপীলৈ আগবঢ়োৱা হৈছে এই সন্মান। চাৰি দশক ধৰি কাৰ্বি সংগীত জগতলৈ আগবঢ়াই অহা অৱদানৰ বাবে পখিলা লেকথেপীলৈ আগবঢ়োৱা হৈছে এই সন্মান।

তদুপৰি ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু বিশিষ্ট এৰী বিশেষজ্ঞ যোগেশ দেউৰীলৈও আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান। অসমৰ কৃষি আৰু ৰেচম উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদান বাবে ড০ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

You might also like