নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ বাংলীপাৰাত নকল সোণৰ মূৰ্তিসহ সৰবৰাহকাৰী আটক

ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাংলীপাৰাত কালি এটা নকল সোণৰ মূৰ্তি আৰক্ষীয়ে জব্দ কৰাৰ লগতে এগৰাকী নকল সোণ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

 জানিব পৰা মতে, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানস প্ৰতিম কুমাৰে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কালি বিয়লি প্ৰায় ৪.৩০ বজাত বাংলীপাৰাৰ বি পি চি এল পেট্ৰল পাম্পৰ সমীপত সন্দেহজনকভাৱে ৰৈ থকা লোক এজনক কৰায়ত্ত কৰি তালাচী চলোৱাত লগত থকা মোনা এটাৰ পৰা নকল সোণৰ যীশুখ্ৰীষ্টৰ মূৰ্তি এটা উদ্বাৰ হয়। আৰক্ষীয়ে মূৰ্তিসহ লোকজনক ভৱানীপুৰ আৰক্ষী চকীলৈ লৈ আহি সোধা-পোছা কৰে।

উল্লেখযোগ্য যে নীলা আৰু বগা ৰঙৰ গামোচাৰে মেৰিয়াই অনা সোণ বৰণীয়া ধাতুৰে নিৰ্মিত মূৰ্তিটো ২.০৪৪ কিলোগ্ৰাম ওজনৰ আৰু আটকাধীন শ্বহিদুল ইছলাম (২৪)ৰ  ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সোণাপুৰ গাঁৱৰ বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, সৰুপেটা, ২৭ জানুৱাৰী :
You might also like