নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিজার্ভ বেংকৰ বৃহৎ সিদ্ধান্ত, এটিএমত উপলব্ধ হ’ব খুচুৰা নোট

নিউজ ডেস্ক, ২৯ জানুৱাৰী : খুচুৰা ধনৰ সমস্যা সমাধানৰ বাবে বৃহৎ সিদ্ধান্ত গ্রহণ কৰিছে ৰিজার্ভ বেংকে৷ দেশত নগদ ধনৰ অধিকাংশই ৫০০ টকীয়া নোট হোৱাত খুচুৰাক লৈ গ্রাহকসকল ভীষণ সমস্যাৰ সন্মুখীন হয়৷ ইউপিআইৰ উত্থানৰ সন্মুখতো খুচুৰাৰ অভাৱত বহু ক্রেতা-বিক্রেতা সমস্যাৰ সন্মুখীন হৈ আহিছে৷

ইয়াৰ ভিত্তিত আৰবিআই-এ এবিধ বিশেষ এটিএমৰ কথা চিন্তা কৰিছে৷ ক্ষুদ্র মূল্যৰ বেংকনোট সহজে লাভ কৰিব পৰাকৈ ৰিজার্ভ বেংকে হাইব্রীড এটিএমৰ চিন্তা-চর্চা কৰিছে৷ এই হাইব্রীড এটিএমত উপলব্ধ হ’ব ১০, ২০ আৰু ৫০ টকীয়া নোট৷ অৱশ্যে ডাঙৰ নোট জমা কৰিহে এটিএমৰ পৰা খুচুৰা নোটসমূহ লাভ কৰিব গ্রাহকে৷ ইতিমধ্যে মুম্বাইত এই পাইলট প্রজেক্ট আৰম্ভ হৈছে৷

প্রথম অৱস্থাত হাইব্রীড এটিএমসমূহ জনবসতিপূর্ণ অঞ্চল, বৃহৎ চহৰৰ বাছষ্টপ, ৰে’ল ষ্টেচনৰ সমীপত স্থাপন কৰা হ’ব৷ পাইলট প্রজেক্টৰ অনুমোদন পোৱাৰ পিছত সমগ্র দেশত হাইব্রীড এটিএম মুকলি কৰা হ’ব৷ সূত্রটোৱে দাবী কৰা মতে, অনাগত দিনত দেশৰ সর্বোচ্চ বেংকে সৰু সৰু নোটসমূহ ছপাৰ কামো বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷

You might also like