নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বৰ্তমানো অব্যাহত আছে বিভিন্ন প্ৰান্তত প্ৰতিবাদ। ঠিক তেনেদৰেই আজি তিনিচুকীয়া চহৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ শতাধিক সদস্যই তিনিচুকীয়া চহৰৰ মাজমজিয়া থানা চাৰিআলিত সমবেত হৈ হাতে হাতে জুবিন গাৰ্গৰ ফটো লৈ জুবিন গাৰ্গক ন্যায় দিয়ক, জুবিন গাৰ্গ অমৰ হওক, শ্যমকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰে। জুবিন গাৰ্গে ন্যায় লাভ নকৰা পৰ্যন্ত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দি শীঘ্ৰে শিল্পীগৰাকীৰ ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে।

বিশেষ বাৰ্তা, তিনিচুকীয়া, ২৯ জানুৱাৰী

You might also like